অসম

assam

ICC World Cup 2023: ৰাহুল নে ঈশান ! আজি ঘোষণা হ’ব বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নাম

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:09 AM IST

আইচিচি এদিনীয়া বিশ্ব কাপ ক্ৰিকেটৰ বাবে সাজু হৈছে ভাৰতীয় দল ৷ আজি ঘোষণা কৰিব ভাৰতীয় দলৰ নাম ৷

ICC World Cup 2023
আজি ঘোষণা কৰিব বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ নাম

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ: মাজত 30 দিনো নাই ৷ তাৰ পিচতে ভাৰতত আৰম্ভ হ’ব এদিনীয়া ক্ৰিকেটৰ বিশ্ব চেম্পিয়নৰ যুঁজ ৷ 5 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আই চি চি এদিনীয়া বিশ্ব কাপ 2023 ৷ সাজু হৈছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ভাৰতসহ 10 খন দেশৰ 10 টা ক্ৰিকেট দল ৷

মেগা ইভেন্টলৈ সাজু হৈছে আয়োজক দেশ ভাৰত ৷ 2023ৰ আচিচি পুৰুষৰ এদিনীয়া বিশ্ব কাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নাম আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

বিশ্বকাপৰ বাবে কোন কোন খেলুৱৈয়ে ভাৰতীয় দলত স্থান পাব ! কোন কোন খেলুৱৈ বাদ পৰিব দলৰ পৰা ! সেয়া এছিয়া কাপত খেলুৱৈৰ প্ৰদৰ্শনৰ ওপৰতো নিৰ্ভৰ কৰিব বুলি জানিব পৰা গৈছে ৷ শ্ৰীলংকাৰ কাণ্ডিত সংবাদমেল পাতি মঙলবাৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ঘোষণা কৰিব আগন্তু বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ নাম ৷

ইফালে মিডিল অৰ্ডাৰত বেটিঙৰ বাবে কাক বাচনি কৰিব সেয়া বিশেষ দৃষ্টি থাকিব ৷ বিভিন্ন মহলত চৰ্চা অনুসৰি ভাৰতীয় দলৰ সম্ভাব্য খেলুৱৈসকল ক্ৰমে অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, হাৰ্ডিক পাণ্ডিয়া, ঈশান কিষাণ, কে এল ৰাহুল, যাশপ্ৰীত বুমৰাহ, শাৰ্দুল ঠাকুৰক, মহম্মদ চামী, মহম্মদ চিৰাজ, ৰবিন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদ্বীপ যাদব ৷

প্লেয়িং 11ত কোন খেলুৱৈকে কিমান নম্বৰত বেটিং কৰিব তাক লৈ বিচিচিআই তৰফৰ পৰা অনুষ্ঠানিকভাৱে কোনো তথ্য় প্ৰকাশ কৰা নাই ৷ কিন্তু মিডিল অৰ্ডাৰত কোনে বেটিং কৰিব ! কাৰণ আঘাতৰ পাচত দললৈ প্ৰত্যাহবৰ্তন কৰিব কে এল ৰাহুল ৷

ইফালে এছিয়া কাপত যুৱ খেলুৱৈ ঈশান কিষাণৰ সন্দুৰ প্ৰদৰ্শনৰ বাবে দলৰ পৰা বাদ দিব বিচৰা নাই ৷ কিন্তু কে এল ৰাহুলকো এৰিব বিচৰা নাই ৷ যদিহে কে এল ৰাহুল বা ঈশান কিষাণক প্লেয়িং 11 ত খেলিবলৈ দিলে কিমান নম্বৰত বেটিং কৰিবলৈ আহিব ! অপেনাৰ কোন হ’ব ! অধিনায়ক ৰোহিত আৰু শুভমন গিল নে ৰোহিত আৰু ৰাহুলে অপেনিং কৰিব ৷ মুখ্য নিৰ্বাচকে কিহৰ ভিত্তিত নিৰ্বাচন কৰিব সেয়ে সময়ত দেখা যাব ৷

ইফালে ধোনী নেতৃত্বত 2011 চনত বিশ্বকাপ জয়ৰ পাচতে ৰোহিত শৰ্মা বাহিনীয়ে বিশ্বকাপ দখলৰ বাবে নামিব ৷

লগতে পঢ়ক:Asia Cup 2023 : বৰ্ষা বিঘ্নিত খেলত নেপালক 10 উইকেটত হৰুৱাই চুপাৰ 4 ত প্ৰৱেশ টীম ইণ্ডিয়াৰ

ABOUT THE AUTHOR

...view details