অসম

assam

Covid Update : ভাৰতত ক'ভিডৰ সংক্ৰমণ হ্ৰাস

By

Published : May 6, 2023, 7:28 PM IST

শেহতীয়াকৈ ভাৰতত ক'ভিডৰ সংক্ৰমণ হ্ৰাস হৈছে (Covid infections declined)। যোৱা ২৪ ঘণ্টাত দেশত ২,৯৬১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক'ভিড মহামাৰী এতিয়া আৰু স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা নহয় ।

Covid Update
ভাৰতত ক'ভিডৰ সংক্ৰমণ হ্ৰাস

নেশ্যনেল ডেস্ক,৬ মে' :কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৯৬১ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে (Covid cases in India)। বৃহস্পতিবাৰৰ তুলনাত এই সংখ্যা হ্ৰাস পাইছে । শুকুৰবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত ক'ভিডৰ ৩,৬১১ টা ঘটনা পোহৰলৈ আহিছিল ।

মন্ত্ৰালয়ৰ মতে, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে বৰ্তমান ৩০,০৪১ টা (Covid active cases in India)। ভাৰতত যোৱা ২৪ ঘণ্টাত ৬,১৩৫ গৰাকী লোক ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে । যাৰ ফলত দেশত মুঠ আৰোগ্যৰ সংখ্যা হৈছে গৈ ৪,৪৪,০৫,৫৫০ টা ।

বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ । দেশত দৈনিক আক্ৰান্তৰ হাৰ ২.১২ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ ২.৬৩ শতাংশ । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত ১,১৯৮ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে (Covid vaccination in India)। দেশজুৰি চলি থকা টীকাকৰণ অভিযানৰ অংশস্বৰূপে এতিয়া প্ৰদান কৰা প্ৰতিষেধকৰ পালিৰ মুঠ সংখ্যা ২২০.৬৬ কোটিলৈ বৃদ্ধি পাইছে ।

যোৱা ২৪ ঘণ্টাত প্ৰায় ১,৩৯, ৮১৪ টা ক'ভিড পৰীক্ষা কৰা হৈছে (Covid tests)। ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰাই পৰিস্থিতি মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সচিব ৰাজেশ ভূষণে বিশ্বব্যাপী ক'ভিড-১৯ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছিল ।

বৈঠকত ক'ভিড টীকাকৰণৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হৈছিল । তাৰ পা;ত সমগ্ৰ দেশতে প্ৰতিষেধকৰ উপলব্ধতা আৰু আন্তঃগাঁথনি প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰা হৈছিল । ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে ক'ভিড মহামাৰীক লৈ বিশ্বব্যাপী স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা সমাপ্ত হৈছে (Covid no longer public health emergency)।

লগতে পঢ়ক :Karnataka Election 2023 : কৰ্ণাটকত ২০ কোটিৰ হীৰাৰ গহনা আৰু নগদ ধন জব্দ

ABOUT THE AUTHOR

...view details