অসম

assam

Afghan embassy: আফগান দূতাবাসৰ যোগাযোগৰ সত্যতা পৰীক্ষা কৰিছে ভাৰতে

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 12:07 PM IST

ভাৰতত থকা আফগান দূতাবাসে কথিতভাৱে নিজৰ কাম-কাজ বন্ধ কৰা বুলি খবৰ ওলাইছে ৷ নতুন দিল্লীয়ে ইয়াৰ সত্যতা পৰীক্ষা কৰি আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে । দূতাবাসৰ নেতৃত্বত ৰাষ্ট্ৰদূত ফৰিদ মামুণ্ডজাই বৰ্তমান লণ্ডনত থকা বুলি জানিব পৰা গৈছে ।

India examining Afghan embassy's purported communication on closing down operations
আফগান দূতাবাসৰ যোগাযোগৰ সত্যতা পৰীক্ষা কৰা ভাৰত

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:ভাৰতত থকা আফগান দূতাবাসে কথিতভাৱে নিজৰ কাম-কাজ বন্ধ কৰা সন্দৰ্ভত নতুন দিল্লীয়ে ইয়াৰ সত্যতা পৰীক্ষা কৰি আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে । দূতাবাসৰ নেতৃত্বত ৰাষ্ট্ৰদূত ফৰিদ মামুণ্ডজাই বৰ্তমান লণ্ডনত থকা বুলি জানিব পৰা গৈছে । পূৰ্বৰ আশ্ৰফ গানী চৰকাৰে নিযুক্তি দিয়া মামুণ্ডজাই 2021 চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পিছতো তেওঁ আফগান দূত হিচাপে কাম কৰি আহিছে ।

নতুন দিল্লীত থকা আফগান দূতাবাসে এই বিষয়ত যোগাযোগ জাৰি কৰিছে বুলি অভিযোগ উঠিছে বুলি ভাৰত চৰকাৰৰ সূত্ৰই দূতাবাসৰ কাম-কাজ বন্ধ কৰাৰ খবৰৰ ভিত্তিত প্ৰকাশ কৰিছে । এটা সূত্ৰই জনোৱা মতে, যোগাযোগৰ সত্যতা আৰু ইয়াৰ বিষয়বস্তু পৰীক্ষা কৰা হৈছে । জানিব পৰা মতে, আগন্তুক দুদিনমানৰ ভিতৰত কাম-কাজ বন্ধ কৰা সিদ্ধান্ত সন্দৰ্ভত দূতাবাসে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়লৈ যোগাযোগ প্ৰেৰণ কৰিছে । এই সন্দৰ্ভত দূতাবাসৰ পৰা কোনো তাৎক্ষণিক সঁহাৰি পোৱা নাই ।

এপ্ৰিল-মে’ মাহত তালিবানে মামুণ্ডজাইৰ ঠাইত মিছনটোৰ নেতৃত্ব দিবলৈ চাৰ্জ ডি এফেয়াৰ্ছ নিযুক্তি দিয়াৰ খবৰে দূতাবাসটোত সৃষ্টি কৰিছিল তীব্ৰ জোকাৰণিৰ । এই খণ্ডটোৰ পিছতে দূতাবাসে এটা বিবৃতি দিয়ে যে ইয়াৰ নেতৃত্বৰ কোনো পৰিৱৰ্তন হোৱা নাই । 2020 চনৰ পৰা দূতাবাসত ট্ৰেড কাউন্সিলাৰ হিচাপে কাম কৰি থকা কাদিৰ শ্বাহে এপ্ৰিলৰ শেষৰ ফালে এম ই এলৈ পত্ৰ লিখি দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ হিচাপে তালিবানে নিযুক্তি দিয়াৰ দাবী কৰাৰ পিছতে ক্ষমতাৰ বাবে এই যুঁজৰ সৃষ্টি হৈছিল ।

ভাৰতে এতিয়াও তালিবানৰ চেট-আপক স্বীকৃতি দিয়া নাই আৰু কাবুলত প্ৰকৃততে সৰ্বাংগীন চৰকাৰ গঠনৰ বাবেও দাবী জনায় আহিছে, ইয়াৰ উপৰিও আফগান মাটি কোনো দেশৰ বিৰুদ্ধে কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব নালাগে বুলিও হেঁচা প্ৰয়োগ কৰিছে ।

লগতে পঢ়ক:Jaishankar US visit: নিজ্জাৰৰ হত্যাৰে ভাৰত জড়িত থকাৰ অভিযোগ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ মাৰ্কিন বিদেশমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details