অসম

assam

কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

By

Published : Nov 12, 2020, 9:42 AM IST

কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছতে উদ্ধৱ থাকৰেৰ ওপৰত খৰ্গহস্ত হৈ পৰিল অৰ্ণৱ গোস্বামী ৷ কাৰগাৰৰ পৰা মুক্ত হৈ বুধবাৰে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ বাবে গোস্বামীয়ে টেলিভিছন ষ্টুডিঅ'ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 2018 চনত সংঘটিত এটা আত্মহত্যা কাণ্ডৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা গোস্বামীয়ে মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ
কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

মুম্বাই, 12 নৱেম্বৰ:এসপ্তাহৰ বাবে ন্যায়িক জিম্মাত থকাৰ পাছত টেলিভিছন নিউজৰুমৰ চিনাকী পৰিৱেশলৈ উভতি আহি সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি থাকৰেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোস্বামীয়ে কয়,"উদ্ধৱ থাকৰে আপুনি শুনক ৷ আপুনি হাৰিলে ৷ আপোনাক পৰাজিত কৰা হৈছে ৷"

মুম্বাইৰ ওচৰৰ তালোজা কাৰাগাৰৰ পৰা বুধবাৰে ৰাতি প্ৰায় 8:30 বজাত মুক্তি লাভ কৰাৰ ঠিক পাছতেই ল'ৱাৰ পেৰেল ষ্টুডিঅ'লৈ বুলি গোস্বামী ৰাওনা হয়,য'ত তেওঁ মুখ্য সম্পাদক হিচাপে কাম কৰি আছে ৷

2018 চনৰ এটা আত্মহত্যাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ ওপৰতো গোস্বামীক খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হ'ল ৷ গোস্বামীয়ে অভিযোগ কৰে যে এটা ভুৱা গোচৰত তেওঁক অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

গোস্বামীয়ে কয় যে নৱেম্বৰ 8 তাৰিখৰ পৰা কাৰগাৰত থকা দিনকেইটাত তেওঁ মুঠ তিনিটা ৰাউণ্ড সোধ-পোচৰ চিকাৰ হৈছিল ৷ তেওঁ কয়, "উদ্ধৱ থাকৰে,মোক এটা পুৰণি আৰু ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আৰু আপুনি মোক ক্ষমা নুখুজিলে ৷ "

"খেল এতিয়া মাথো আৰম্ভহে হৈছে ৷ " বুলি কৈ তেওঁ ঘোষণা কৰে যে প্ৰত্যেকটো আঞ্চলিক ভাষাতে তেওঁ নিজা চেনেল আৰম্ভ কৰিব আৰু আন্ত:ৰাষ্ট্ৰীয় মাধ্যমতো এই চেনেলৰ উপস্থিতি থাকিব ৷

তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত গোস্বামীয়ে কয়,"মই কাৰগাৰৰ ভিতৰৰ পৰাও চেনেল আৰম্ভ কৰিম আৰু আপুনি (উদ্ধৱ থাকৰে ) একো কৰিব নোৱাৰে ৷

তেওঁক ইনটেৰিম বেইল প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনোৱাৰ লগতে জয় মহাৰাষ্ট্ৰ শ্ল'গান দি তেওঁ মাৰাঠী ভাষাতেই কেইটামান শব্দ কয় ৷

বুধবাৰে ৰাতি উচ্চতম ন্যায়ালয়ে ব্যক্তি স্বাধীনতাৰ প্ৰতি লক্ষ্য ৰাখি ইনটেৰিম বেইল প্ৰদান কৰাৰ পাছতে গোস্বামীক মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক:গুজৰাটৰ ষ্টেচু অফ ইউনিটিত অধ্যক্ষ সন্মিলন

ABOUT THE AUTHOR

...view details