অসম

assam

Diabetes: High Blood Sugarৰ পৰম শত্ৰু এইবিধ ফুলৰ গছ, জানি লওক ব্যৱহাৰৰ পদ্ধতি

By

Published : Apr 7, 2023, 1:53 PM IST

আপুনি আপোনাৰ আশে-পাশে নয়নতৰা ফুলৰ গছ হয়তো নিশ্চয় দেখিছে, কিন্তু আপুনি জানেনে ইয়াৰ পাতৰ জৰিয়তে ডায়েবেটিছ ৰোগীক বহুত সহায় দিব পাৰি ? সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক-

Sadabahar Astounding Health Benefits Of The Beautiful Periwinkle Flower
High Blood Sugarৰ পৰম শত্ৰু এইবিধ ফুলৰ গছ, জানি লওক ব্যৱহাৰৰ পদ্ধতি

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ডায়েবেটিছ এক অতি সাধাৰণ ৰোগত পৰিণত হৈছে আৰু কোটি কোটি লোক ইয়াৰ ভুক্তভোগী হৈছে (Sadabahar Flower) । ইয়াৰ কাৰণ জিনীয় হ’ব পাৰে, কিন্তু সাধাৰণতে দুৰ্বল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবেও হ’ব পাৰে (High Blood Sugar)।

ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লগা হয়, নহ’লে আন বহু ৰোগৰ আশংকা থাকে । সেই প্ৰাকৃতিক বস্তুটো কি, যাৰ সহায়ত তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰিব পাৰি জানো আহক-

চিকিৎসকে কয় যে, গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ব্যয়বহুল ঔষধ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়, বৰঞ্চ কিছুমান ঘৰুৱা আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে আকাংক্ষিত ফলাফল পাব পাৰো । এনে পৰিস্থিতিত নয়নতৰা ফুলৰ পাত আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ।

ডায়েবেটিছৰ শত্ৰু নয়নতৰা ফুল

ঔষধি গুণেৰে ভৰপূৰ নয়নতৰা ফুল

যুগ যুগ ধৰি আয়ুৰ্বেদিক ঔষধ হিচাপে নয়নতৰা ফুল ব্যৱহাৰ হৈ আহিছে । কেৱল ডায়েবেটিছেই নহয়, ডিঙিৰ বিষ, লিউকেমিয়া, মেলেৰিয়া আদি ৰোগৰ বাবেও ই এক অতি উপকাৰী ঔষধ । এই উদ্ভিদত এলকেলয়ড আৰু টেনিন আদি গুৰুত্বপূৰ্ণ যৌগ পোৱা যায় । ইয়াৰ উপৰিও এই উদ্ভিদত ১০০ৰো অধিক এলকেলয়ড থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী ।

ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত কৰে নয়নতৰা ফুলে

নয়নতৰা ফুল মূল ৰূপত আফ্ৰিকাৰ মাদাগাস্কাৰ দ্বীপত থাকে যদিও ভাৰততো ইয়াক সহজে পোৱা যায়, ইয়াৰ গোলাপী আৰু বগা ফুলবোৰ চাবলৈ বৰ ধুনীয়া, সেইবাবেই বহুতে ইয়াক সজ্জাৰ বাবে ব্যৱহাৰ কৰে । ইয়াৰ সেউজীয়া পাতবোৰে টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে প্ৰাকৃতিক ঔষধ হিচাবে কাম কৰে । ই ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি হ'বলৈ নিদিয়ে আৰু ইয়াৰ ফলত ডায়েবেটিছ ৰোগীৰ সুস্বাস্থ্য অটুট থাকে ।

নয়নতৰা ফুলৰ ব্যৱহাৰ কেনেকৈ কৰিব ?

প্ৰথমে নয়নতৰা ফুলৰ গছৰ পাত ৰ’দত শুকুৱাই তাৰ পিচত পিহি বতাহ সোমাব নোৱাৰা পৰা বটলত ৰাখিব । এই গুড়ি দৈনিক পানী বা সতেজ ফলৰ ৰসৰ লগত মিহলাই তাৰ পিচত সেৱন কৰিব পাৰে । ইচ্ছা কৰিলে প্ৰতিদিনে ২ৰ পৰা ৪টা পাত চোবাই খাব পাৰে । নয়নতৰা ফুলত ডায়েবেটিছ প্ৰতিৰোধী গুণ পোৱা যায় । এই ফুলবোৰ একাপ পানীত উতলাই তাৰ পিচত চালনীৰে চেকি লওক । এতিয়া এই পানী প্ৰতিদিনে পুৱা খালী পেটত খাব । ইয়াৰ দ্বাৰা চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ হোৱাত বহুখিনি সহায়ক হয় ।

লগতে পঢ়ক:Skin Tanning: সূৰ্যৰ তাপৰ বাবে ছাল ক’লা পৰিছে নেকি ? এনেদৰে দূৰ কৰক এই সমস্যা

ABOUT THE AUTHOR

...view details