নিউজ ডেস্ক, ১০ ডিচেম্বৰ :ঘূৰ্ণীবতাহৰ বাবে সমগ্ৰ অন্ধ্ৰপ্ৰদেশতে ব্যাপক প্ৰভাৱ পৰিছে (storm impact Andhra Pradesh) । শুকুৰবাৰে চেঁচা বতাহে জোকাৰি গৈছে বহু ঠাই । উপকূলীয় আৰু কাষৰীয়া জিলাসমূহত নিৰন্তৰ বৰষুণ হৈ আছে ।
নেল্লোৰ জিলাৰ মুথুকুৰ মণ্ডলৰ ব্ৰাহ্মণদেৱমত সৰ্বাধিক ১২৫.৭৫ মিঃমিঃ বৰষুণ নথিভুক্ত কৰা হৈছে । নেল্লোৰ জিলাত ধাৰাসাৰ বৰষুণ পৰিছে । উপকূলীয় অঞ্চলটো অশান্ত হৈ পৰিছে । মাইপাডু সাগৰত ঢৌবোৰে কোবাইছে । ঢৌবোৰে সাগৰৰ পাৰত থকা দোকানবোৰত খুন্দা মাৰিছে (Heavy rains impact coastal areas of AP) ।
উপায়ুক্তই অনন্তসাগাৰাম, চেজাৰলা, আত্মাকুৰু আৰু সঙ্গম মেনুৱেলৰ দৰে পেন্না অৱবাহিকা অঞ্চলৰ বিষয়াসকলক সতৰ্ক কৰি দিছে । ঘূৰ্ণীবতাহৰ প্ৰভাৱ তীব্ৰ উপকূলীয় অঞ্চলত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে (cyclone severe impact in coastal areas) । জিলাখনৰ বাবে এটা এছডিআৰএফ (SDRF) আৰু দুটা এনডিআৰএফ (NDRF) দল গঠন কৰা হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে চোমাচিলা জলাধাৰৰ পৰা পেন্না নদীলৈ 20 হাজাৰ কিউছেক পানী তললৈ এৰি দিয়া হৈছে । উপকূলীয় অঞ্চলৰ ১১ খন মেনুৱেলত ৰাজহ আৰু আৰক্ষী বিষয়াৰ নেতৃত্বত দল গঠন কৰা হৈছে ।