অসম

assam

First case of omicron in Andhra Pradesh : অন্ধ্ৰপ্ৰদেশত প্ৰথমটো অ'মিক্ৰণৰ ঘটনা

By

Published : Dec 12, 2021, 5:23 PM IST

দেশৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ অন্ধ্ৰপ্ৰদেশত চিনাক্ত হৈছে অ'মিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী (First case of Omicron identified in Andhra Pradesh)। আয়াৰলেণ্ডৰ পৰা অহা এগৰাকী বিদেশী পৰ্যটকৰ দেহত পোৱা গৈছে অ'মিক্ৰণৰ অৱস্থিতি । সষ্টম হৈছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগ ।

First case of omicron in Andhra Pradesh
অন্ধ্ৰপ্ৰদেশত প্ৰথমটো অ'মিক্ৰণৰ ঘটনা

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ :সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । কেইবাখনো ৰাজ্যত বিদেশৰ পৰা অহা লোকৰ দেহত ধৰা পৰিছে এই ক'ভিডৰ নতুন প্ৰকাৰৰ অৱস্থিতি । এইবাৰ অন্ধ্ৰপ্ৰদেশত ধৰা পৰিল প্ৰথমগৰাকী অ'মিক্ৰণ সংক্ৰমিত ৰোগী (First case of Omicron identified in Andhra Pradesh)। ৩৪ বছৰীয়া এগৰাকী আয়াৰলেণ্ডৰ পৰ্যটকৰ দেহত অ'মিক্ৰণৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে শংকিত হৈ পৰিছে ৰাজ্যবাসী ।

উল্লেখ্য যে পৰ্যটকগৰাকীয়ে প্ৰথমে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিছিল । বিমানবন্দৰত ক'ভিড পৰীক্ষাৰ অন্তত তেওঁক নিগেটিভ পোৱা গৈছিল যাৰ বাবে ভ্ৰমণৰ অনুমতি দিয়া হৈছিল । তাৰ পাছতে পৰ্যটকগৰাকী ২৭ নৱেম্বৰত বিশাখাপট্টনমলৈ আহে ।

বিজয়নগৰত তেওঁক পুনৰ ক'ভিড পৰীক্ষা কৰা হয় । লক্ষণীয়ভাৱে এইবাৰ বিদেশী পৰ্যটকগৰাকীৰ দেহত ক'ভিড অৱস্থিতি ধৰা পৰে । লগে লগে জিন'ম চিকুৱেঞ্চিং অৰ্থাৎ অ'মিক্ৰণ চিনাক্তকৰণৰ বাবে নমুনা হায়দৰাবাদৰ চিচিএমবিলৈ (CCMB) প্ৰেৰণ কৰা হয় । অৱশেষত ইয়াৰ ফলাফলো পজিটিভ আহে ।

লগে লগে অন্ধ্ৰপ্ৰদেশত অ'মিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত হয় । ১১ ডিচেম্বৰত পৰ্যটকগৰাকীৰ পুনৰ ক'ভিড পৰীক্ষা কৰা হয় । অৱশ্যে এইবাৰ ফলাফল নিগেটিভ পোৱা গৈছে । জানিব পৰা মতে পৰ্যটকগৰাকীৰ দেহত ক'ভিডৰ কোনো লক্ষণ নাছিল ।

জানিব পৰা মতে এতিয়ালৈকে মুঠ ১৫ গৰাকী বিদেশী পৰ্যটকক ক'ভিডত আক্ৰান্ত পোৱা গৈছে । আটাইকেইগৰাকীৰে নমুনা জিন'ম চিকুৱেঞ্চিঙৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ ১০ টাৰ ফলাফল ইতিমধ্যে লাভ কৰিছে অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য বিভাগে । তাৰে এগৰাকীৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি ।

এই ঘটনাৰ পাছতে ৰাজ্যখনৰ জনসাধাৰণ যথেষ্ট শংকিত হোৱা দেখা গৈছে । অৱশ্যে কোনো ধৰণৰ ভয় বা শংকা কৰাৰ প্ৰয়োজন নাই বুলি অন্ধ্ৰপ্ৰদেশ চৰকাৰে জনাইছে । যিকোনো উৰা বাতৰিক বিশ্বাস নকৰিবলৈও ৰাইজক আহ্বান জনাইছে চৰকাৰে । ইয়াৰ সমান্তৰালকৈ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদি ক'ভিড বিধি পালনৰ বাবেও চৰকাৰী পক্ষৰ পৰা আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক :Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

TAGGED:

ABOUT THE AUTHOR

...view details