অসম

assam

Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

By

Published : Nov 29, 2021, 12:44 PM IST

Updated : Nov 29, 2021, 1:59 PM IST

অৱশেষত লোকসভাৰ মজিয়াত গৃহীত হ’ল ‘কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021’ (Farm Laws repeal Bill 2021) ৷ ধ্বনি ভোটত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন (Farm Laws Repeal Bill) ৷

Farm Laws repeal bill got approved in the parliament
লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

নশ্যনেল ডেস্ক, 29 : বিৰোধীৰ প্ৰতিবাদৰ পিছতো লোকসভাৰ মজিয়াত গৃহীত হ’ল ‘কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021’ (Farm Laws repeal Bill 2021)৷ সদনৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটোতে ধ্বনি ভোটত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক (Farm Laws repeal Bill passed in the Parliament)৷

বিধেয়কখন উত্থাপন কৰিছিল কেন্ত্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে (Narendra Singh Tomar tabled Fam Laws repeal Bill)৷ কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জণ চৌধুৰীয়ে সদনৰ মজিয়াত কৃষি আইনক লৈ আলোচনা হোৱাটো দাবী কৰিছিল ৷ ইয়াৰ মাজতে সদনৰ কাৰ্যকাল দুপৰীয়া 2 বজালৈ পুনৰ স্থগিত ৰখাৰ কথা ঘোষণা কৰে অধ্যক্ষই ৷

সদনৰ শীতকালীন অধিৱেশন (Parliament Winter Session 2021) আৰম্ভ হোৱাৰ এদিন পূৰ্বে দেওবাৰে অধিৱেশনৰ ৰণনীতি প্ৰস্তুতৰ বাবে বিজেপিৰ সংসদীয় কাৰ্যবাহী (BJP parliamentary executive) আৰু এন ডি এ চৰকাৰৰ নেতাসকলকে এক আলোচনাত মিলিত হৈছিল ৷ জানিবলৈ পোৱা অনুসৰি এই আলোচনাত স্থান লাভ কৰিছিল অধিৱেশনৰ সময়ছোৱাত আলোচনা হ’বলগীয়া মুখ্য বিধেয়ক আৰু ব্যৱসায়ে ৷

এই বৈঠকখনত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ভূপেন্দ্ৰ যাদৱ, স্মৃতি ইৰাণী, প্ৰহ্লাদ যোশী আৰু অন্যান্য নেতাসকল ৷

লগতে পঢ়ক :reliance jio unlimited plans revised : 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

Last Updated :Nov 29, 2021, 1:59 PM IST

ABOUT THE AUTHOR

...view details