অসম

assam

Earthquake hits Nepal: পুৱাই ভূমিকম্পই জোঁকাৰিলে চুবুৰীয়া নেপালক

By

Published : Jul 31, 2022, 11:53 AM IST

Updated : Jul 31, 2022, 12:53 PM IST

earthquake hits kathmandu of nepal l
ভূমিকম্পই পুনৰ জোঁকাৰিলে নেপালক ()

পুনৰ ভূমিকম্পই জোঁকাৰিলে নেপালক(Earthquake in Kathmandu of Nepal)। নেপালৰ ৰাজধানী কাঠমান্ডুৰ পৰা ১৪৭ কিলোমিটাৰ পূব-দক্ষিণত ধিতুঙত দেওবাৰে ৰিখটাৰ স্কেলত ৫.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় ।

ইন্টাৰনেচনেল ডেস্ক, ৩১ জুলাই :দেওবাৰে পুৱাতেই পুনৰ ভূমিকম্পই জোঁকাৰিলে চুবুৰীয়া ৰাষ্ট্ৰ নেপালক (Earthquake in Kathmandu of Nepal)।নেপালৰ ৰাজধানী কাঠমান্ডুৰ পৰা ১৪৭ কিলোমিটাৰ পূব-দক্ষিণত ধিতুঙক দেওবাৰে ৰিখটাৰ স্কেলত ৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । উল্লেখ্য় যে, নেপালৰ ধিতুং ভাৰতৰ মুজাফ্ফৰপুৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত বাবে এই কম্পন ভাৰততো অনুভৱ হয় ।

ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ মতে,পুৱা ৭:৫৮ বজাত নেপালৰ কাঠমাণ্ডুত জোঁকাৰণিৰ সৃষ্টি হৈছে । অৱশ্য়ে বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই । চৰকাৰী সূত্ৰই সদৰি কৰা তথ্য় অনুসৰি ভাৰতত পুৱা প্ৰায় ৮ বজাত বিহাৰৰ সীতামাঢ়ি, মুজাফ্ফৰপুৰ আৰু ভাগলপুৰতো এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে ।

উল্লেখ্য় যে, যোৱা সোমবাৰে ৪.৭ প্ৰাবল্যৰ ভূমিকম্পই মধ্য নেপালক জোঁকাৰি গৈছিল । ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ মতে, ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ ভূমিকম্প পুৱা ৬.০৭ বজাত সংঘটিত হৈছিল (National Earthquake Monitoring and Research Centre)। এই ভূমিকম্পৰ কেন্দ্ৰস্থল কাঠমাণ্ডুৰ ১০০ পূৱত সিন্ধুপালচক জিলাৰ হেলাম্বুত আছিল বুলি গৱেষণা কেন্দ্ৰই সদৰি কৰিছে ।

লগতে পঢ়ক:Flash Flood in Iran: ইৰাণত আকস্মিক বানপানী; মৃত্যুৰ সংখ্যা 53 জনলৈ বৃদ্ধি

Last Updated :Jul 31, 2022, 12:53 PM IST

ABOUT THE AUTHOR

...view details