Flash Flood in Iran: ইৰাণত আকস্মিক বানপানী; মৃত্যুৰ সংখ্যা 53 জনলৈ বৃদ্ধি

author img

By

Published : Jul 30, 2022, 12:46 PM IST

Death toll from flash floods in Iran reaches 53

জলমগ্ন ইৰাণ ৷ আকস্মিক বানৰ কবলত পৰি ককবকাইছে ইৰাণবাসীয়ে ৷ বিগত দিনকেইটাত ৰাষ্ট্ৰখনত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত মৃত্যুৰ সংখ্যা 53 জনলৈ বৃদ্ধি হৈছে (Death toll reaches 53 in Iran flash flood) ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 30 জুলাই: আকস্মিক বানৰ কবলত ককবকাইছে ইৰাণবাসীয়ে (Flash Flood in Iran) ৷ ইৰাণৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা আকস্মিক বানত এতিয়ালৈ 53 জন লোকৰ মৃত্যু হয় (Death toll reaches 53 in Iran flash flood)৷ ইৰাণী ৰেড ক্ৰিছেণ্ট চছাইটিৰ ৰিলিফ এণ্ড ৰেচকিউ অৰ্গেনাইজেচনৰ মুৰব্বী মেহেদী ভাললিপুৰে শুকুৰবাৰে জনায় যে এই বানত এতিয়ালৈ 16 জন লোক সন্ধানহীন হৈ আছে(16 missing in Iran flash flood) ৷

ইয়াৰ সমান্কৰালকে 3,000 উদ্ধাৰকাৰীক লৈ 687 টা দলে বানাক্ৰান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাই আছে ৷ ৰাষ্ট্ৰপতিৰ ৱেবছাইট অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে (Iran president Ebrahim Raisi) শুকুৰবাৰে সমগ্ৰ দেশৰ মন্ত্ৰী, সংগঠনসমূহৰ মুৰব্বী আৰু গৱৰ্ণৰ জেনেৰেলক সাম্ভাব্য বান নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিয়ে ৷

ইফালে শনিবাৰে মাজান্দাৰণ প্ৰদেশৰ সংকট ব্যৱস্থাপনা সংস্থাৰ মূৰব্বী হোছেইন আলী মহম্মদীয়ে জনায় যে পুৱাই বানৰ ফলত এটা অট্টালিকা আংশিকভাৱে খহি পৰিছে ৷ লগতে বহুকেইটা ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰিও এখন দলং বানত বুৰ গৈছে ৷

ইফালে বানৰ বাবে ইৰাণৰ বিভিন্ন চহৰত বিদ্যুৎ আৰু মোবাইলৰ নেটৱৰ্কসমূহ অস্থায়ীভাৱে ব্যাহত হৈ আছে ৷ যোৱা সোমবাৰলৈকে ইৰাণত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়ালৈকে ইৰাণৰ ২০ খন ৰাজ্যত পানী হৈছে ৷ বান প্ৰভাৱিত অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশনা দিছে ইৰাণ প্ৰশাসনে ৷

লগতে পঢ়ক: Flood in sonitpur: গাভৰু নৈৰ বাঢ়নি পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.