অসম

assam

Green Tea: এই সময়ত আপুনিও গ্ৰীণ টী গ্ৰহণ কৰে নেকি ? তেন্তে তৎক্ষণাত সলনি কৰক এই অভ্যাস

By

Published : Apr 17, 2023, 7:18 PM IST

Updated : Apr 17, 2023, 8:45 PM IST

মানুহে প্ৰায়ে গ্ৰীণ টী সেৱন কৰে যাতে তেওঁলোকৰ শৰীৰে বহু উপকাৰ লাভ কৰিব পাৰে, কিন্তু যদি আপুনি ইয়াক গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰে, তেন্তে উপকাৰৰ পৰিৱৰ্তে ই আপোনাৰ অপকাৰ সাধন কৰিব পাৰে ।

Do you also drink green tea at this time Change the habit immediately you will have to bear the loss
এই সময়ত আপুনিও গ্ৰীণ টি গ্ৰহণ কৰে নেকি ? তেন্তে তৎক্ষণাৎ সলনি কৰক এই অভ্যাস

গ্ৰীণ টীক উপকাৰৰ ভঁৰাল বুলি গণ্য কৰা হয়, গতিকে বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই ইয়াক খোৱাৰ পৰামৰ্শ দিয়ে । কিন্তু এইটো জৰুৰী নহয় যে যিটো বস্তু স্বাস্থ্যকৰ যেন লাগে, সেই বস্তুৱে কোনো ক্ষতি কৰিব নোৱাৰে ৷ এই বনৌষধি চাহৰ ক্ষেত্ৰতো ঠিক একেই কথা প্ৰমাণিত হয় । ইয়াক পান কৰাৰ সঠিক সময় জনাটো অতি প্ৰয়োজন, অন্যথা স্বাস্থ্যৰ পক্ষে ই বিপদ মাতিব পাৰে । প্ৰথমে জানো আহক ইয়াৰ লাভালাভসমূহ-

গ্ৰীণ টী খোৱাৰ সুবিধা

১/ কৰ্কট ৰোগ প্ৰতিৰোধ

কেন্সাৰ এবিধ অতি ভয়াৱহ ৰোগ যাৰ পৰা হাত সাৰিবলৈ আপুনি গ্ৰীণ টী খোৱাটো উচিত । ইয়াত থকা পলিফিনলে টিউমাৰ আৰু কেন্সাৰ কোষ প্ৰতিৰোধ কৰাত সহায় কৰে । বিশেষকৈ স্তন আৰু প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি ।

২/ কলেষ্টেৰল কম হ'ব

নিয়মিতভাৱে গ্ৰীণ টী খালে তেজত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়, যাৰ ফলত ৰক্তবাহী নলীত বন্ধ হোৱা কম হয় আৰু হৃদৰোগৰ আশংকা ৰোধ কৰে ।

৩/ ছালৰ সংক্ৰমণৰ পৰা প্ৰতিৰোধ

যেতিয়া আমাৰ ছালৰ ক্ষতি হয় আৰু তাৰ পিছত শৰীৰৰ কোষৰ বাবে গ্ৰীণ টী খোৱাটো উপকাৰী বুলি গণ্য কৰা হয়, য’ত ছালৰ সংক্ৰমণৰ পৰা বহু পৰিমাণে সকাহ পোৱা যায়, যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে । ছালখন টোন হৈ পৰে আৰু পিম্পলছ কম হয় ।

৪/ ওজন কমাবলৈ ফলপ্ৰসূ

গ্ৰীণ টীত থকা এন্টিঅক্সিডেন্টবোৰে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে । ইয়াক সেৱন কৰিলে শৰীৰৰ চৰ্বি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে । ব্যায়ামৰ পূৰ্বে পান কৰাটো ভাল, তেতিয়ায়ে ই লাভজনক হ’ব (Convenience of drinking green tea)।

গ্ৰীণ টী কেতিয়া খোৱাটো উচিত ?

খাদ্য খোৱাৰ প্ৰায় এঘণ্টা পূৰ্বে গ্ৰীণ টী খোৱাটো উপকাৰী বুলি গণ্য কৰা হয়, কিয়নো ইয়াত টেনিন থাকে, খোৱাৰ পিচত বা লগে লগে ইয়াক সেৱন কৰিব নালাগে কাৰণ ইয়াৰ দ্বাৰা বমি, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ দৰে সমস্যাই দেখা দিব পাৰে । পৰাপক্ষত কেতিয়াও খালী পেটত গ্ৰীণ টী সেৱন নকৰিব আৰু নিশ্চিতভাৱে ইয়াৰ লগত কিবা এটা খাওক । যদি আপুনি দিনটোত ৩ কাপতকৈ অধিক পান কৰে, তেন্তে ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হোৱাটো নিশ্চিত । নিশা শুৱলৈ যোৱাৰ পূৰ্বে ইয়াক পান কৰিলে ডিহাইড্ৰেচনৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক:Men's Health Tips: পুৰুষৰ বাবে পালেং শাকৰ উপকাৰিতা কি কি ?

Last Updated : Apr 17, 2023, 8:45 PM IST

ABOUT THE AUTHOR

...view details