অসম

assam

কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

By

Published : Oct 17, 2021, 7:41 PM IST

কেৰালাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খনলৰ ফলত মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি ৷ দেওবাৰে Kottayam আৰু Idukki জিলাৰ পৰা পুনৰ 12 টাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বানপীড়িত ৰাজ্যখনক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে ৷

death toll mounts to 21 in rain battered kerala
কেৰালাত মহাপ্ৰলয়

নেশ্যনেল ডেস্ক , 17 অক্টোবৰ :ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খনলৰ ফলত কেৰালাৰ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছে ৷ দেওবাৰে Kottayam আৰু Idukki জিলাৰ পৰা পুনৰ 12 টাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে মৃতকৰ সংখ্যা 21 লৈ বৃদ্ধি পাইছে ৷ ৰাজ্যখনৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে নিশ্চিত কৰা তথ্য অনুসৰি, এই পৰ্যন্ত Kottayam ৰ পৰা ১৩ টা আৰু Idukki ৰ পৰা 8 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, Koottickal আৰু Kokkayar পঞ্চায়তত এনডিআৰএফ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে মিলি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খনল আৰু আকস্মিক বানপানীৰ ফলস্বৰূপে এই অঞ্চলত এক ডজনৰো অধিক লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ৷

কেৰালাত মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

স্থানীয় সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, এতিয়াও বহুলোক আৱদ্ধ হৈ আছে ৷ বৰ্তমান বৰষুণ নাই যদিও আকাশ এতিয়াও মেঘাচ্ছন্ন হৈ আছে ৷

অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) প্ৰতিবেদনে সকলোকে কিছু পৰিমাণে সকাহ দিয়া পৰিলক্ষিত হৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, কেৰালা আৰু মাহে(Kerala and Mahe), দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটক(South Interior Karnataka) আৰু তামিলনাডু(Tamil Nadu), পণ্ডিচেৰী(Puducherry) আৰু কৰাইকালত(Karaikal) তীব্ৰ বৰষুণৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বানপীড়িত ৰাজ্যখনক সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে ৷ ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে বুলি টুইটযোগে জানিবলৈ দিয়াৰ লগতে ভুক্তভোগী লোকসকলক সহায় কৰাৰ বাবে চৰকাৰে সম্ভৱ সকলো সমৰ্থন প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :কেৰালাত ভয়ংকৰ ভূমিস্খলন : নিহতৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details