নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী: প্ৰতিগৰাকী ভাৰতীয়ৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বাজেটে ৷ আজি দাখিল হ’ব 2023-2024 বৰ্ষৰ কেন্দ্ৰীয় বাজেট (Union Budget 2023) ৷ ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰৰ পুৱা ১১ বজাত দাখিল কৰিব । সদনৰ বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী গৰাকীয়ে কৰিব বাজেট দাখিলৰ পূৰ্বে কৰিবলগীয়া কিছু কৰ্তব্য । সেই সন্দৰ্ভত জনাবলৈ আপোনালোকলৈ আগবঢ়াইছো আমাৰ এই প্ৰতিবেদন (complete schedule of Finance Minister) ৷
পুৱা প্ৰায় ৮.৩০ বজাতে চৰকাৰী কাৰ্যালয়ত উপস্থিত হয় বিত্তমন্ত্ৰীগৰাকী । নিয়ম অনুসাৰে বিত্ত মন্ত্ৰালয়ৰ নৰ্থ ব্লকৰ পৰা বিত্তমন্ত্ৰী গৰাকীয়ে পুৱা প্ৰায় ৮.৩০ বজাতে তেওঁৰ দ্বাৰা প্ৰস্তাৱিত বাজেটখনত চূড়ান্ত ষ্টাম্প সংগ্ৰহৰ বাবে যায় । ১৯৫০ চনলৈকে বাজেটৰ নথি-পত্ৰ ৰাষ্ট্ৰপতি ভৱনত ছপা হৈছিল । পৰৱৰ্তী সময়ত ইয়াক নতুন দিল্লীৰ মিণ্টো ৰোডৰ এটা প্ৰেছলৈ স্থানান্তৰ কৰা হয় । ১৯৮০ চনৰ পৰা উত্তৰ ব্লকত স্থাপন কৰা চৰকাৰী প্ৰেছত বাজেট ছপা হৈ আহিছে । নথি-পত্ৰ ফাদিল হোৱাৰ বাবেই প্ৰেছৰ ক্ষেত্ৰত এই সাল-সলনি ঘটোৱা হৈছিল । উল্লেখ্য যে, ছপা আৰু প্ৰক্ৰিয়াকৰণৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিশেষ দলটো বাজেট আৰম্ভ হোৱা দিনটো পৰ্যন্ত বন্দী হৈ থাকিব লাগে । "কাৰামুক্ত" কৰাৰ পূৰ্বে প্ৰথাগত ‘হালৱা’ অনুষ্ঠান অনুষ্ঠিত হয় । এইবাৰ ২৬ জানুৱাৰীত অনুষ্ঠিত হৈছিল ‘হালৱা’ অনুষ্ঠান (Halwa ceremony)।
নৰ্থ ব্লক এৰাৰ পূৰ্বে পুৱা প্ৰায় ৯ বজাত বিত্তমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু বিত্ত মন্ত্ৰালয়ৰ বাজেট প্ৰস্তুতিৰ সৈতে জড়িত সমগ্ৰ দলটোৰ সৈতে ফটো উঠে বিত্তমন্ত্ৰীগৰাকীয়ে । পুৱা ৯.৩০ বজাৰ ভিতৰত এই ফটো উঠা কাৰ্যসূচীৰ অন্ত পৰে । এই কাৰ্যসূচীৰ অন্ত হোৱাৰ ঠিক পিচতেই, পুৱা প্ৰায় ৯.৩০ বজাৰ আশে-পাশে বিত্ত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয় ৷ বাজেট দাখিল কৰাৰ পূৰ্বে বিত্তমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে (President Droupadi Murmu) আৰু আজি 11 বজাত দাখিল হ’বলগীয়া বাজেটত অনুমোদন বিচাৰি বাজেটৰ প্ৰতিলিপি ৰাষ্ট্ৰপতিগৰাকীক জমা দিয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman)৷