অসম

assam

Manipur Crisis: মণিপুৰ বিধানসভাৰ ১৮ জনীয়া সঁজাতী দল নতুন দিল্লীলৈ ৰাওনা; পুনৰ AFSPA প্ৰৱৰ্তনৰ দাবী COCOMIৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:54 PM IST

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি ৷ ৰাজ্যখনৰ বিভিন্ন স্থানত উদ্ধাৰ হৈয়ে আছে মাৰণাস্ত্ৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দাবী জনাবলৈ দিল্লীৰ ৰাওনা 18 জনীয়া বিধায়কৰ দল ৷

Manipur Crisis
Manipur Crisis

তেজপুৰ, ১৩ ছেপ্টেম্বৰ:মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি বৰ্তমান পুনৰ স্পৰ্শকাতৰ হৈ পৰিছে ৷ সোমবাৰে কাংপকপি জিলাত সন্দেহজনক উগ্ৰপন্থীৰ হাতত তিনিজন নিৰীহ লোকৰ মৃত্যুৰ পিছত আজি অৰ্থাৎ বুধবাৰে মণিপুৰ বিধানসভাৰ ১৮ জনীয়া এটা সঁজাতী দল নতুন দিল্লীলৈ ৰাওনা হৈছে ৷

এক বিশেষ সূত্ৰমতে জানিব পৰা অনুসৰি মণিপুৰ বিধানসভাৰ দুজন মন্ত্ৰীৰ নেতৃত্বত ১৬ জনীয়া বিধায়কৰ দল বুধবাৰে নতুন দিল্লীলৈ গমন কৰিছে । বিশেষকৈ অশান্ত জৰ্জৰিত মণিপুৰত পুনৰ শান্তি-শৃংখলা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব ।

সূত্ৰটোৰ মতে মণিপুৰৰ শিক্ষামন্ত্ৰী থৌনাওজাম বসন্ত, সমাজ কল্যাণ মন্ত্ৰী হেইখাম ডিংগো সিঙৰ নেতৃত্বত ১৬ জনীয়া বিধায়কৰ দলে মণিপুৰৰ পৃথক প্ৰশাসনিক বিভাজনৰ বিষয়ে আলোচনা কৰিব ৷ দলটোৱে মণিপুৰৰ মণিপুৰ লেণ্ড ৰেভিনিউ (MLR) আৰু লেণ্ড ৰেভিনিউ (LR) বিষয়তো আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

কাৰণ মণিপুৰৰ এই ভূমি অধিকাৰ আৰু হস্তান্তৰ আইন MLR&LR আইন 1960 সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য বুলি ঘোষণা কৰা হয় যদিও প্ৰকৃততে এই ভূমি আইন সংসদৰ মজিয়াত উত্থাপন কৰা হৈছিল 1959 ত ৷ লগতে এক মাত্ৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ মাজত এয়া প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰা হোৱা নাছিল নাছিল ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত সঁজাতী দলটোৱে আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে যোৱা 12 ঘণ্টাৰ ভিতৰত মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ কিছু এলেকাত নিৰাপত্তাৰক্ষীয়ে অনুসন্ধান চলাই 9 অস্ত্ৰ, 10 জাঁই সক্ৰিয় গুলী, উদ্ধাৰ কৰাৰ লগতে ইম্ফল-পূব আৰু থৌবাল জিলাৰ পৰা 8 টা গুলী আৰু 3 টা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে বুলি মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ।

বিভিন্ন স্থানত উদ্ধাৰ মাৰণাস্ত্ৰ
মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি বৰ্তমান পুনৰ স্পৰ্শকাতৰ হৈ পৰিছে

ইফালে COCOMI য়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মণিপুৰৰ ভেলি অঞ্চলত বৰ্তমান সংঘটিত হৈ থকা হিংসা-হত্যা, অশান্তিৰ বাবে পুনৰ AFSPA প্ৰবর্তনৰ দাবী জনায় ৷

AFSPA প্ৰৱৰ্তনৰ দাবীৰে COCOMIৰ বিবৃতি

লগতে পঢ়ক:HBS wife land scam: ৰিণিকি ভূঞা শৰ্মাই লাভ কৰা আঁচনি দেশৰ নিবনুৱাৰ বাবে উপলব্ধ নেকি ? কংগ্ৰেছৰ প্ৰশ্ন

ABOUT THE AUTHOR

...view details