অসম

assam

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

By

Published : Jan 13, 2021, 4:53 PM IST

কয়লাৰ অবৈধ খনন আৰু চোৰাং কাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগৰ আসনসোল, দূৰ্গাপুৰ আৰু ৰাণীগঞ্জৰ ১০ টাকৈ স্থানত বুধবাৰে অভিযান চলাই চিবিআইয়ে । অভিযানৰ দলটোত আছিল প্ৰায় ৭৫ গৰাকী চিবিআইৰ বিষয়া ।

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান
কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী :শেহতীয়াকৈ দেশত কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চিবিআই । বিগত বছৰৰ ২৮ নৱেম্বৰত চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ প্ৰায় ৪৫ টা স্থানত কয়লা চিণ্ডিকেট সন্দৰ্ভত বৃহৎ অভিযান চলাইছিল । এইবাৰ পশ্চিমবংগত চেন্ট্ৰেল ব্য়ুৰো অব ইনভেষ্টিগেচন (চিবিআই)ৰ দলৰ এক বৃহৎ অভিযান । কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে ৰাজ্য়খনৰ ১০ টাকৈ স্থানত চিবিআইয়ে চলালে এই অভিযান ।

কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে পশ্চিমবংগত চিবিআইৰ অভিযান

ইষ্টাৰ্ণ ক'লফিল্ড লিমিটেড (ইচিএল)ত কয়লাৰ অবৈধ খনন আৰু চোৰাং কাৰ্যৰ বিৰুদ্ধে পশ্চিমবংগৰ আসনসোল, দূৰ্গাপুৰ আৰু ৰাণীগঞ্জৰ ১০ টাকৈ স্থানত বুধবাৰে অভিযান চলাই চিবিআইয়ে । সূত্ৰৰ মতে, কয়লা মাফিয়া অনুপ মাঝি ওৰফে লালা আৰু তেওঁৰ আত্মীয়ৰ ঘৰত চলা এই অভিযানৰ দলটোত আছিল প্ৰায় ৭৫ গৰাকী চিবিআইৰ বিষয়া ।

ইয়াৰ পূৰ্বে অৰ্থাৎ সোমবাৰে এনফৰ্ছমেন্ট ডিৰেক্টৰেট(ইডি)য়ে ৰাজ্য়খনৰ ১২ টা স্থানত কয়লা চিণ্ডিকেট সন্দৰ্ভত অভিযান চলাইছিল । ব্য়ৱসায়ী গণেশ বাগাদিয়া আৰু সঞ্জয় সিঙৰ ঘৰ লগতে কাৰ্যালয়ত চলা অভিযানো আছিল তাৰ ভিতৰত । উল্লেখ্য যে, মিশ্ৰ নামৰ এজন ব্য়ক্তিৰ সহযোগত অনুপ মাঝিয়ে, বাগাদিয়া আৰু সঞ্জয়ৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি ৰাজ্য়খনত কয়লা চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, আয়কৰ বিভাগেও বুধবাৰে বুৰাবজাৰ অঞ্চলত বেআইনীভাবে জন্তু সৰবৰাহ আৰু অবৈধ সম্পত্তি গঢ়াৰ অভিযোগত প্ৰাক্তন বিধায়ক মহম্মদ সোহৰাবৰ ঘৰ আৰু হোটেলত অভিযান চলায় ।

লগতে পঢ়ক :কেপিট'ল আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ ন্য়ায়াধীশৰ পুত্ৰ

ABOUT THE AUTHOR

...view details