অসম

assam

Blasts at Kabul Gurudwara: আফগানিস্তানৰ শিখসকলৰ নিৰাপত্তাৰ দাবী পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ

By

Published : Jun 18, 2022, 7:16 PM IST

অতি গৰিহণাযোগ্য ! এইটোৱেই এনেকুৱা প্ৰথম ঘটনা নহয়। প্ৰতি তিনি-চাৰি মাহত সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । মই আফগান ৰাষ্ট্ৰদূতগৰাকীক মাতি আনি দেশখনত থকা সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ দাবী জনাইছোঁ (Demand of protect minorities in Afghanistan) । এই সন্দৰ্ভত ভাৰত চৰকাৰক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Ministry of External Affairs) আৰু প্ৰধানমন্ত্ৰীক আহ্বান জনাইছোঁ - পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।

Bhagwant Mann
আফগানিস্তানৰ শিখসকলৰ নিৰাপত্তাৰ দাবী পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ

নেচনেল ডেস্ক, ১৮ জুন : আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰ চৌহদত হোৱা বোমা বিস্ফোৰণৰ ঘটনাক লৈ (Kabul bomb blast) উদ্বেগ প্ৰকাশ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত আফগান ৰাষ্ট্ৰদূতগৰাকীক তলব কৰি শিখসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰক আহ্বান মানৰ (Bhagwant Mann urged to summon Afghan ambassador)। উল্লেখ্য়, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ এটা গুৰুদ্বাৰৰ সন্মুখত শনিবাৰে পুৱা সংঘটিত হয় বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনা। উক্ত ঘটনাত দুজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

"অতি গৰিহণাযোগ্য ! এইটোৱেই এনেকুৱা প্ৰথম ঘটনা নহয়। প্ৰতি তিনি-চাৰি মাহত সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । মই আফগান ৰাষ্ট্ৰদূতগৰাকীক মাতি আনি দেশখনত থকা সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ (Demand of protect minorities in Afghanistan) দাবী জনাইছোঁ। এই সন্দৰ্ভত ভাৰত চৰকাৰক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (Ministry of External Affairs) আৰু প্ৰধানমন্ত্ৰীক আহ্বান জনাইছোঁ।" সংবাদ মাধ্যমৰ আগত পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিষয়টো সন্দৰ্ভত কেন্দ্ৰক আফগান চৰকাৰৰ সৈতে আলোচনা কৰিবলৈও আহ্বান জনায় । বিস্ফোৰণৰ ফলত কাবুলৰ গুৰুদ্বাৰটোত আবদ্ধ হৈ থকা শিখসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈও তেওঁ অনুৰোধ জনায় । উল্লেখ্য, শনিবাৰৰ বোমা বিস্ফোৰণত এগৰাকী শিখ আৰু এগৰাকী মুছলিম সুৰক্ষাকৰ্মীয়ে অকাল মৃত্যুক সাবটিবলগা হয়।

প্ৰাথমিক তথ্যমতে, শনিবাৰে পুৱা গুৰুদ্বাৰটোৰ গে'টৰ বাহিৰত এটা বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত দুজন লোকৰ মৃত্যু হয়। ইয়াৰ পিছতে আনটো বিস্ফোৰণ সংঘটিত হয় চৌহদৰ ভিতৰত (Bomb blast in Kabul Gurudwara)। উক্ত বিস্ফোৰণটোত গুৰুদ্বাৰৰ লগত সংলগ্ন কেইবাখনো দোকানত জুই লাগে। এতিয়ালৈকে এই বিস্ফোৰণৰ দায়িত্ব কোনোৱে স্বীকাৰ কৰা নাই।

আন এক প্ৰসংগত মুখ্যমন্ত্ৰী মানে সেনাবাহিনীত মকৰলৰ অগ্নিপথ আঁচনি বাতিল (Punjab CM against Agnipath Scheme) কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ (Letter to PM) কৰিব বুলিও প্ৰকাশ কৰে। "যুৱ সমাজৰ মাজত ক্ৰোধৰ সৃষ্টি হৈছে। মই এই সিদ্ধান্ত বাতিলৰ বাবে প্ৰধান-মন্ত্ৰীলৈ পত্ৰ লিখিম। যিকসলে আবেগেৰে দেশৰ বাবে কাম কৰিব বিচাৰে, তেওঁলোকক দেশৰ বাবে কাম কৰাৰ সুবিধা দিব লাগে আৰু পিছত পেঞ্চন প্ৰদান কৰিব লাগে।" মানে এনেদৰে কয় ।

উল্লেখ্য, চলিত বছৰৰ ১৪ জুনত ভাৰত চৰকাৰে অগ্নিপথ আঁচনিৰ কথা ঘোষণা কৰে । ইয়াৰ উদ্দেশ্য হৈছে দেশৰ সৈন্যবাহিনীত নিয়োগ প্ৰক্ৰিয়াত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰা (Agnipath Scheme)। কিন্তু বিৰোধীয়ে এই আঁচনিৰ তীব্ৰ বিৰোধিতা কৰি প্ৰত্যাহ্বান গঢ়ি তুলিছে । যাৰ ফলত কেন্দ্ৰই উক্ত আঁচনিত নিযুক্তিৰ বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰাৰ লগতে চিআৰপিএফ আৰু অসম ৰাইফলছত (Assam rifles recruitment) ১০ শতাংশ পদ উক্ত সৈনিকসকলৰ বাবে সংৰক্ষণৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক :অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

ABOUT THE AUTHOR

...view details