অসম

assam

আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তোলাত বিজেপিৰ অৱদান যথেষ্ট:বিপ্লৱ কুমাৰ দেৱ

By

Published : Nov 10, 2021, 5:57 PM IST

আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তুলিবলৈ বিজেপি চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । খাদী আৰু গ্ৰামোদ্যোগ পৰিষদে উৎপাদন কৰা প্ৰাকৃতিক মৌৰ বিপণন মুকলি এই বিশেষ মন্তব্য কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

biplab kumar deb
আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তোলাত বিজেপিৰ অৱদান যথেষ্ট

আগৰতলা,১০ নৱেম্বৰ :বিজেপি নেতৃত্বধীন চৰকাৰে ত্ৰিপুৰাত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে । যাৰ বাবে ত্ৰিপুৰাই বৃহৎ সফলতা অৰ্জন কৰিছে । এই মন্তব্য ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (Biplab Kumar Deb) । খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ দ্বাৰা উৎপাদিত প্ৰাকৃতিক মৌৰ বিপণন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তেওঁৰ মতে এখন আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তুলিবলৈ বিজেপি চৰকাৰে (BJP Government) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । উক্ত অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ (Khadi and Village Industries Board) অধ্যক্ষ ৰাজীৱ ভট্টাচাৰ্য আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ দাসে ব'ৰ্ডে উৎপাদন কৰা মাতাবাৰীৰ প্ৰিণ্ট থকা প্ৰাকৃতিক মৌ (Natural honey) আৰু এখন শ্বল (Shawl) প্ৰদৰ্শন কৰে । মুখ্যমন্ত্ৰীয়ে কোৱা মতে আত্মনিৰ্ভৰশীল ত্ৰিপুৰা গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপৰ উদাহৰণ হৈছে এইবোৰ ।

ফলস্বৰূপে, বহুতো যুৱক-যুৱতী আত্মনিৰ্ভৰশীল হৈ পৰিছে আৰু আনৰ বাবে নিযুক্তিৰ সুযোগো উলিয়াইছে । তেওঁ কয় যে এতিয়া ত্ৰিপুৰাৰ বাঁহ-বেটেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী, বিস্কুট, আনাৰস আদিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ স্থান দখল কৰিছে । তেওঁ পৰিষদক এই ধৰণৰ পদক্ষেপ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ প্ৰধানমন্ত্ৰী কৰ্ম, সংস্থাপন, উৎপাদক, কাৰ্যক্ৰম সম্পৰ্কীয় এখন বিশেষ পত্ৰিকাও মুকলি কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰাৰ বাবে সহজ কিস্তিত এতিয়া ২৫ লাখ লৈকে ঋণ উপলব্ধ । সকলো শ্ৰেণীৰ হিতাধিকাৰীয়ে ইয়াৰ অধীনত ৩০ শতাংশ ৰাজসাহায্য লাভ কৰিব পাৰে ।

ইফালে ইয়াৰ পাছতে টুইটাৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ টুইটাৰত লিখিছে যে সচিবালয়ত খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ অধ্যক্ষ ৰাজীব ভট্টাচাৰ্যই তেওঁক সাক্ষাৎ কৰে । তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখত ব'ৰ্ডৰ দ্বাৰা তৈয়াৰ কৰা বাঁহৰ বটলত ভৰ্তি মৌ প্ৰদৰ্শন কৰে । সেয়ে টুইটযোগে এই উদ্ভাৱনৰ আঁৰত থকা সকলো সংশ্লিষ্ট সদস্যক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ

ABOUT THE AUTHOR

...view details