অসম

assam

Destination Tripura Summit: যোৱা তিনি বছৰত উল্লেখযোগ্য পৰিৱৰ্তন দেখিছে ত্ৰিপুৰাই:বিপ্লৱ কুমাৰ দেৱ

By

Published : Dec 10, 2021, 8:36 PM IST

দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত অনুষ্ঠিত হৈছে বৃহৎ বিনিয়োগ সন্মিলন (Destination Tripura investment summit)। এই সন্মিলনৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । উদ্যোগপতি আৰু প্ৰতিনিধিসকলক ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।

Biplab kumar Deb
যোৱা তিনি বছৰত উল্লেখযোগ্য পৰিৱৰ্তন দেখিছে ত্ৰিপুৰাই

আগৰতলা,১০ ডিচেম্বৰ :ত্ৰিপুৰাত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে 'ডেষ্টিনেশ্যন ত্ৰিপুৰা-বিনিয়োগ সন্মিলন ২০২১' (Destination Tripura investment summit)। এই সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে বৰ্তমান চৰকাৰৰ মুখ্য কাম হৈছে ঔদ্যোগিক খণ্ডৰ বিকাশৰ বাবে ৰাজ্যখনত এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰা । তেওঁৰ মতে বিজেপি নেতৃত্বধীন ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰাৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰাৰ এয়াই উৎকৃষ্ট সময় । ৰবৰ বা খাদ্য প্ৰক্ৰিয়াকৰণৰ দৰে ভিন্ন প্ৰকাৰৰ উদ্যোগ, হোটেল আদি স্থাপনৰ বাবে ইতিমধ্যে ৰাজ্যখনলৈ প্ৰতিনিধিসকলৰ আগমন ঘটিছে । সেয়ে তেওঁ বিচাৰে যাতে ত্ৰিপুৰাৰ উন্নয়নৰ দিশত তেওঁলোকে সহযোগিতা আগবঢ়ায় ।

প্ৰতিনিধিসকলৰ পৰা বিশেষ কোনো বৃহৎ অৱদান নিবিচাৰে চৰকাৰে । তাৰ পৰিৱৰ্তে বিভিন্ন প্ৰতিষ্ঠিত উদ্যোগৰ প্ৰতিনিধিসকলক ত্ৰিপুৰাৰ বিকাশৰ অংশ হ'বলৈ আৰু এই অঞ্চলৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ তেওঁ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে পূৰ্বে ত্ৰিপুৰা এক নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত আছিল । কিন্তু এতিয়া ই নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ থকা নাই । তেওঁৰ মতে পূৰ্বে ৰাজ্যখনৰ মাত্ৰ এটা বিকল্প পথ হিচাপে অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ আছিল ।

কিন্তু নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰে উত্তৰ-পূবৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে । যাৰ বাবে ত্ৰিপুৰাই চাব্ৰুমৰ মৈত্ৰী সেতুৰ জৰিয়তে বাংলাদেশৰ চিটাগং বন্দৰ পৰ্যন্ত ইয়াৰ বাণিজ্য সম্প্ৰসাৰণ কৰিব পাৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে এতিয়া বাংলাদেশৰ সৈতে পোনপটীয়া ৰে'ল সংযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হৈছে ।

সন্মিলনতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এমবিবি বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱনটোও শীঘ্ৰেই মুকলি হ'ব । ইয়াৰ জৰিয়তে ঢাকা আৰু ছিংগাপুৰৰ সৈতেও পোনপটীয়া সংযোগ স্থাপন কৰিব ত্ৰিপুৰাই । তেওঁ লগতে কয় যে ঔদ্যোগিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ-অনুকূল নীতি গ্ৰহণ কৰিছে যাৰ ভিতৰত আছে ক্ষমতাৰ ৫০ শতাংশ ৰেহাই, জিএছটিত ৰেহাই আৰু ঔদ্যোগিক ক্ষেত্ৰত নতুন গোট স্থাপনৰ ক্ষেত্ৰত বিশেষ শিথিলতা ।

লগতে পঢ়ক :Destination Tripura Investment Summit 2021 : বিনিয়োগ সন্মিলন সন্দৰ্ভত উদ্যোগ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details