অসম

assam

সৱৰমতী আশ্ৰমত যঁতৰ চলালে ৰাষ্ট্ৰপতি ট্ৰাম্পে

By

Published : Feb 24, 2020, 4:44 PM IST

প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰথম দিনাই পত্নী মেলানিয়াৰ সৈতে সৱৰমতী আশ্ৰমত পৰিদৰ্শন কৰে ৷ সৱৰমতী আশ্ৰমত ট্ৰাম্পক স্বাৱলম্বিতাৰ প্ৰতীক যঁতৰৰ গুৰত্বতা সম্পৰ্কত বুজাই প্ৰধান মন্ত্ৰী মোডীয়ে ৷

Trump, wife try spinning ''charkha'' at Sabarmati Ashram
সৱৰমতী আশ্ৰমত যঁতৰৰ চলালে ৰাষ্ট্ৰপতি ট্ৰাম্পে

নেশ্যনেল ডেস্ক,24 ফেব্ৰুৱাৰী : সৱৰমতী আশ্ৰমত হাতেৰে যঁতৰৰ চকৰী ঘূৰাই চালে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াই ৷ আহমেদাবাদ বিমান বন্দৰৰ পৰা মটেৰা ষ্টেডিয়াম পৰ্যন্ত 22 কিলোমিটাৰ ৰ'ড শ্ব' কাৰ্যসূচীৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আজি ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পত্নী মেলানিয়াই মহাত্মা গান্ধীৰ সৱৰমতী আশ্ৰম পৰিদৰ্শন কৰে ৷

"এই সুন্দৰ ভ্ৰমণৰ বাবে মোৰ মহান বন্ধু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ", সৱৰমতী আশ্ৰম পৰিদশৰ্ন কৰি সৱৰমতী আশ্ৰমৰ দৰ্শনাৰ্থী পঞ্জীয়ন বহীত এনেদৰে লিখে ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷

এই ভ্ৰমণত প্ৰধান মন্ত্ৰী মোডীয়ে 'স্বাৱলম্বিতাৰ প্ৰতীক যঁতৰ'ৰ গুৰত্বতা তথা মহাত্মা গান্ধীয়ে যঁতৰক কেনেদৰে স্বাৱলম্বিতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি স্ব-নিৰ্ভৰশীল অৰ্থনীতিৰ পোষকতা কৰিছিল তাৰ বিষয়ে ট্ৰাম্পক বণৰ্না কৰে ৷

লগতে পঢ়ক: ট্ৰাম্প আৰু মোডীৰ 22 কি.মি. ৰ'ড শ্ব'

ABOUT THE AUTHOR

...view details