অসম

assam

নাগৰিকক খাদ্য যোগান ধৰিবলৈ ওড়িশা চৰকাৰৰ অনলাইন সেৱা মুকলি

By

Published : Oct 23, 2020, 10:07 AM IST

ওড়িশাৰ নাগৰিকৰ বাবে চৰকাৰৰ বিশেষ ব্যৱস্থা ৷ নাগৰিকক খাদ্য যোগান ধৰাৰ বাবে অনলাইন সেৱা আৰম্ভ ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই সেৱা ৷

Odisha CM launches citizen centric online service for food security
নাগৰিকক খাদ্য যোগান ধৰিবলৈ ওড়িশা চৰকাৰৰ অনলাইন সেৱা মুকলি

নিউজ ডেস্ক, 23 অক্টোবৰ : ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বৃহস্পতিবাৰে উপভোক্তা কল্যাণ বিভাগৰ তৰফৰ পৰা নাগৰিকক খাদ্য যোগান ধৰাৰ বাবে অনলাইন সেৱা আৰম্ভ কৰে ৷

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জানিব দিয়া অনুসৰি, এই সেৱাৰ অধীনত শস্য বিক্ৰীৰ বাবে কৃষকৰ পঞ্জীয়ন,ৰেচন কাৰ্ড ব্যৱস্থাপনা,সুলভ মূল্যৰ দোকানৰ বাবে অনুজ্ঞা মাচুল পৰিশোধ আৰু সুলভ দোকানৰ দ্বাৰা খাদ্য শস্য পৰিশোধ অনলাইন কৰা হ'ব ।

আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,ৰাজ্য চৰকাৰে ওড়িশাৰ জনসাধাৰণক খাদ্য সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । ৰাজ্য চৰকাৰে ৰাজ্য খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি (NNSA) পৰা বাদ পৰা 2.5 নিযুত লোকক এই সেৱাৰ আওতাত ৰাখিব বুলি জানিব দিয়ে ৷

ইতিমধ্যে,ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সেৱা ল'ব বিচৰা লোকক আবেদন কৰিবলৈ আহ্বান জনাইছে ৷ ইফালে,উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 'মেকিং অফ এ ফুড সুৰক্ষিত ওড়িশা' নামৰ এখন কিতাপ উন্মোচন কৰে য'ত যোৱা 20 বছৰত ওড়িশাত 'খাদ্য সুৰক্ষা' নিশ্চিত কৰাৰ বাবে হোৱা পৰিৱৰ্তনৰ বিষয়ে সকলো তথ্য সন্নিবিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক :ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াৰ দেহাৱসান

ABOUT THE AUTHOR

...view details