ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াৰ দেহাৱসান

author img

By

Published : Oct 22, 2020, 10:32 PM IST

96 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া, উইং কামাণ্ডাৰ (অৱসৰপ্ৰাপ্ত) বিজয়লক্ষ্মী ৰমণনৰ ৷

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া
ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া, উইং কামাণ্ডাৰ (অৱসৰপ্ৰাপ্ত) বিজয়লক্ষ্মী ৰমণনৰ দেহাৱসান ৷ 96 বছৰ বয়সত বাংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াই ৷

ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াৰ দেহাৱসান
ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা বিষয়াৰ দেহাৱসান

বিশিষ্ট সেৱা পদক বিজয়ী ৰমণনৰ জন্ম হৈছিল 1924 চনৰ ফেব্ৰুৱাৰী মাহত ৷ তেওঁ MBBS শিক্ষা সম্পন্ন কৰি, 1955 চনৰ 22 আগষ্টত আৰ্মী মেডিকেল কৰ্পছত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত তেওঁক ভাৰতীয় বায়ুসেনালৈ স্থানান্তৰ কৰা হয় ৷

বায়ুসেনাৰ কেইবাখনো চিকিৎসালয়ত তেওঁ স্ত্ৰী ৰোগ বিশেষজ্ঞ হিচাপে থকাৰ ওপৰিও, যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা সৈনিক সকলৰো উপাচাৰ কৰিছিল ৷

1979 চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰাৰ পূৰ্বে তেওঁক 1972 চনত উইং কামাণ্ডাৰ হিচাপে পদোন্নতি প্ৰদান কৰা হৈছিল ৷ তেওঁৰ স্বামী স্বৰ্গীয় কে.ভি ৰমণনো ভাৰতীয় বায়ু সেনাৰ বিষয়া আছিল ৷

ৰমণন কন্নড় সংগীতৰ অনুৰাগী আছিল আৰু বহু কম বয়সতে তেওঁ অল ইণ্ডিয়া ৰেডিঅ'তো গীত গাইছিল ৷

লগতে পঢ়ক: স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.