অসম

assam

চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয় : বিত্তমন্ত্ৰী

By

Published : May 11, 2020, 4:34 PM IST

"কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এইসন্দৰ্ভত কিছুমান সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য মিছা আৰু ইয়াৰ কোনো ভিত্তি নাই ।" টুইটযোগে জনায় বিত্তমন্ত্ৰীয়ে ।

চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয়
চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয়

নিউজ ডেস্ক, ১১ মে' :কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ দৰমহা ৩০ শতাংশ কৰ্তন কৰা হ'ব বুলি প্ৰকাশ পোৱা প্ৰতিবেদন অস্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে । বিগত কিছুদিন পূৰ্বে কেতবোৰ সংবাদ প্ৰতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰে দৰমহাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰা হ'ব বুলি বাতৰি পৰিৱেশন কৰিছিল । এই সন্দৰ্ভত বিত্তমন্ত্ৰালয়ে স্পষ্টীকৰণ জাৰী কৰিছে ।

"কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এইসন্দৰ্ভত কিছুমান সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য মিছা আৰু ইয়াৰ কোনো ভিত্তি নাই ।" টুইটযোগে জনায় বিত্তমন্ত্ৰীয়ে ।

এদিন পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ঠিকাভিত্তিক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বাদ দি বাকী সকলো কৰ্মচাৰীৰে দৰমহাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে বুলি বাতৰি প্ৰকাশ পাইছিল । কোবিড-১৯ আু লকডাউনৰ ফলত দেশৰ অৰ্থনীতি দূৰ্বল হৈ পৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বাতৰি পৰিৱেশন কৰিছিল বহুকেইটা সংবাদ প্ৰতিষ্ঠানে । অৱশেষত সমগ্ৰ বিষয়টো সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ প্ৰদান কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়কঃবৰ্তমান সুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং

ABOUT THE AUTHOR

...view details