অসম

assam

সংসদ ভৱন আক্ৰমণৰ শ্বহীদক স্মৰণ বিভিন্নজনৰ

By

Published : Dec 13, 2020, 1:07 PM IST

২০০১ত ১৩ ডিচেম্বৰত সংঘটিত সংসদ ভৱন আক্ৰমণত প্ৰাণ আহুতি দিয়া লোক আৰু সুৰক্ষা কৰ্মীসকলক স্মৰণ কৰে ৰাজনীতিক সকলে । আজি দিনৰ ভাগত এইসকল লোকৰ সোঁৱৰণত এক অনুষ্ঠানৰো আয়োজন কৰা হয় সংসদ ভৱনত ।

সংসদ ভৱন আক্ৰমণ
সংসদ ভৱন আক্ৰমণ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ২০০১ৰ সংসদ ভৱন আক্ৰমণত প্ৰাণ আহুতি দিয়া লোকসকলক স্মৰণ কৰে ৰাজনীতিক সকলে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে সংসদ ভৱনৰ সুৰক্ষাত মৃত্যুক সাৱটি লোৱা সুৰক্ষা কৰ্মীসকলৰ বলিদানক স্মৰণ কৰে । দেশে সদায় তেওঁলোকৰ ওচৰত আভাৰী হৈ থাকিব বুলিও টুইটত উল্লেখ কৰে প্ৰধান মন্ত্ৰীয়ে ।

২০০১ চনত আজিৰ দিনটোত সংসদ ভৱনৰ সুৰক্ষাত মৃত্যুক সাৱটি লোৱা সাহসী শ্বহীদসকলক দেশে আজিও মনত ৰাখিছে । আমাৰ গণতন্ত্ৰৰ মন্দিৰৰ এইসকল ৰক্ষাকাৰীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ বিপৰীতে সন্ত্ৰাসৰ আশ্ৰয় লোৱা অপ-শক্তিক দেশে কেতিয়াও ক্ষমা নকৰে বুলি টুইটাৰত প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দে ।

২০০১ত আজিৰ দিনটোত ভৱন ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী আৰু সংসদৰ লোকসকলক মোৰ সশ্ৰদ্ধ প্ৰনাম । তেওঁলোকৰ কৰ্মনিষ্ঠা আৰু সাহসে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত আমাক শক্তি দিব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এইদৰে টুইট কৰে ।

সংসদ‌ ভৱনৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি দিনৰ ভাগত এইসকল লোকৰ সোঁৱৰণত এক অনুষ্ঠান ইতিমধ্যে হৈ যায় । দিনৰ ১০:৩০ বজাত এইসকল শ্বহীদক ফুল ছটিয়াই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিভিন্ন জনে ।

২০০১ৰ ১৩ ডিচেম্বৰত লস্কৰ-ই-তৈবা আৰু জইচ-ই-মহম্মদৰ ৫টাকৈ সন্ত্ৰাসবাদীয়ে দিল্লীৰ সংসদ ভৱনৰ পৰিসৰত প্ৰৱেশ কৰি ধাৰাসাৰে গুলি চালনা কৰিছিল । এই আক্ৰমণত এগৰাকী অসামৰিক লোকসহ নিৰাপত্তাৰ দায়িত্বত থকা ১৩ গৰাকী সুৰক্ষা কৰ্মী শ্বহীদ হৈছিল । ঘটনাৰ সময়ত সংসদ ভৱনৰ ভিতৰত ১০০ৰো অধিক সাংসদ উপস্থিত আছিল ।

লগতে পঢ়কঃ বিটিচি নিৰ্বাচন : নিৰংকুশ সংখ্যা গৰিষ্ঠতা নাপালে কোনো দলে !

ABOUT THE AUTHOR

...view details