অসম

assam

ঋষি কাপুৰৰ স্মৃতিত কৰিণাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিশেষ ফটো

By

Published : May 8, 2020, 9:42 AM IST

বৃহস্পতিবাৰে অভিনেত্ৰী কৰিণা কাপুৰ খানে ছ'চিয়েল মিডিয়াত পোষ্ট কৰে এখন বিশেষ ফটো । য'ত অভিনেত্ৰী গৰাকীৰ পিতৃ-মাতৃৰ উপৰিও কৰিণাৰ খুৰাক তথা সদ্য প্ৰয়াত ঋষি কাপুৰ আৰু প্ৰসিদ্ধ সংগীতকাৰ আৰ ডি বৰ্মনক প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ।

কৰিণা কাপুৰ খান
ঋষি কাপুৰৰ স্মৃতিত কৰিণাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিশেষ ফটো

নিউজ ডেস্ক, ৭ মে': বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰ খানে বৃহস্পতিবাৰে শ্বেয়াৰ কৰা এখন ফটো চৰ্চিত হৈছে ছ'চিয়েল মিডিয়াত । ফটোখনত পিতৃ ৰণধীৰ কাপুৰ আৰু মাতৃ ববিতাৰ উপৰিও দেখিবলৈ পোৱা গৈছে সদ্য প্ৰয়াত অভিনেতা তথা কৰিণাৰ খুৰাক ঋষি কাপুৰৰ লগতে 'পঞ্চম' নামেৰে পৰিচিত প্ৰসিদ্ধ সংগীতকাৰ আৰ ডি বৰ্মনক ।

ঋষি কাপুৰৰ স্মৃতিত কৰিণাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে বিশেষ ফটো

'অপৰিৱৰ্তনীয়' শিৰোনাম নাম দি ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ব্লেক এণ্ড হোৱাইট ফটোখন ।

আনহাতে, ফটোখনত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ঋষি কাপুৰ পত্নী নিতু কাপুৰে ।

উল্লেখ্য যে, অভিনেতা ঋষি কাপুৰৰ বিগত ৩০ এপ্ৰিলত মৃত্যু হোৱা পাচতে অভিনেত্ৰী কৰিণা কাপুৰ খানে খুৰাক ঋষি কাপুৰৰ স্মৃতি সজীৱ কৰিবলৈ তেখেতৰ সৈতে থকা বহুতো পুৰণি ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।

বিগত কিছুদিন পূৰ্বে কৰিণাই চিন্তু খুৰা (ঋষি কাপুৰ)ৰ শিশুকালৰ এখন ফটোৰ লগতে স্বামী তথা অভিনেতা ছেইফ আলী খানৰ সৈতে ঋষি কাপুৰ 'হম তুম' ছবিখনৰ এটি ভিডিঅ' পোষ্ট কৰে ।

ABOUT THE AUTHOR

...view details