অসম

assam

শ্ৰমিকক ১০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ আহ্বান মমতা বেনাৰ্জীৰ

By

Published : Jun 3, 2020, 4:28 PM IST

শ্ৰমিকক সকল সুবিধাৰ্থে ১০,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসকল দ্বাৰা আয়োজিত বৈঠকৰ পূৰ্বে টুইটযোগে এই কথা প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে ।

মমতা বেনাৰ্জী
শ্ৰমিকক ১০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ আহ্বান মমতা বেনাৰ্জীৰ

নিউজ ডেস্ক, ৩ জুনঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কেন্দ্ৰীয় চৰকাৰক কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ছোৱাত শ্ৰমিকক সকলৰ সুবিধাৰ্থে ১০,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনাই ।

শ্ৰমিকক ১০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ আহ্বান মমতা বেনাৰ্জীৰ

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসকল দ্বাৰা আয়োজিত বৈঠকৰ আৰম্ভণিৰ কেইমিনিটমান পূৰ্বে মমতা বেনাৰ্জীয়ে টুইটযোগে প্ৰকাশ কৰে যে,মই কেন্দ্ৰীয় চৰকাৰক প্ৰবাসী শ্ৰমিকসকলক এককালীন সহায়ৰ বাবে ১০,০০০ টকা প্ৰদান কৰিবলৈ আহ্বান জনালো।

প্ৰধানমন্ত্ৰী কেয়াৰ ফাউণ্ডৰ কিছু অংশেৰে প্ৰবাসী শ্ৰমিক তথা দেশৰ সকলো শ্ৰমিকক এই সহায় আগবঢ়াবলৈ অনুৰোধ জনালো। মহামাৰী প্ৰতিৰোধৰ কাৰণে আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা শ্ৰমিকসকলক সহায়ৰ বাবে এই আহ্বান জনাই বুলিও সদৰী কৰে মমতা বেনাৰ্জীয়ে ।

লগতে চাওকঃ চাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ.....

ABOUT THE AUTHOR

...view details