নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :বিমানৰ টিকেট বুকিং কৰাৰ সময়ত 7 লাখ টকা অনলাইনৰ জৰিয়তে হেৰুৱাব লগা হ'ল বাংগালুৰুৰ এজন বাসিন্দাই ৷ 30 ডিচেম্বৰত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা ৷
হোৱাইটফিল্ডৰ জি. কে. বিজয়ে ক্লিয়াৰ ট্ৰিপ মোবাইল এপ্লিকেছনৰ জৰিয়তে থিৰুৱনন্থপুৰমলৈ বিমানৰ টিকট বুক কৰিছিল ৷ পাছত, তেওঁৰ পেমেন্ট লাভ নকৰা বুলি এক মেছেজ আহে আৰু তেওঁৰ HDFC বেংক একাউন্টৰ পৰা 6,95,282 টকা নাইকীয়া হয় ৷
পৰবৰ্তী দিনা তেওঁ টিকট বুকিং ফাৰ্মখনলৈ ফোন কৰে আৰু দীপক কুমাৰ শৰ্মা (ID No-522668) নামৰ এজন অচিনাক্ত ব্যক্তিয়ে কয় যে, কৰ্তন যোৱা টকাখিনি কাৰিকৰী বিজুতিৰ বাবে ঘূৰাই দিব পৰা নাই আৰু অন্য এটা বেংক একাউন্টৰ নম্বৰ বিচাৰে ৷