অসম

assam

Atiq Murder case: মাফিয়া আতিকৰ বিৰুদ্ধে আছিল শতাধিক গোচৰ আবেদন

By

Published : Apr 16, 2023, 8:29 AM IST

শনিবাৰে আততায়ীয়ে গুলীয়াই হত্যা কৰে মাফিয়াৰ পৰা ৰাজনীতিক হোৱা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক (UP Atiq Ashraf maurder case) । আনহাতে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিভিন্ন গোচৰত আতিকৰ বিৰুদ্ধে ১০০-তকৈও অধিক আৰু আশ্ৰফৰ বিৰুদ্ধে ৫০-তকৈও অধিক এজাহাৰ দাখিল হৈ আছে ।

UP Police on Atiq Murder
UP Police on Atiq Murder

নিউজ ডেস্ক, ১৬ এপ্ৰিল : উত্তৰ প্ৰদেশত সদ্য নিহত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ নামত আছিল ১০০-তকৈও অধিক এফআইআৰ (FIR against mafia Atiq Ahmed) । আনহাতে, ভাতৃ আশ্ৰফৰ বিৰুদ্ধে ৫৭ খনতকৈও অধিক এজাহাৰ থকা বুলি দেওবাৰে এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ঝান্সীত আৰক্ষীৰে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিন পিচতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক প্ৰয়াগৰাজত কাৰাবন্দী অৱস্থাত শনিবাৰে চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত হত্য়া কৰা হয় (UP Atiq Ashraf marder case) ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিচত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন তিনিজনীয়া ন্যায়িক তদন্ত আয়োগ (judicial inquiry commission for Atiq murder case) গঠন কৰে আৰু বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে (UP Chief Minister Yogi Adityanath) । আনহাতে, উত্তৰ প্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যখনতে ১৪৪ ধাৰা কাৰ্যকৰী কৰি ৰাজ্যিক আৰক্ষীক কঠোৰ সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিছে ।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে লগতে জনাইছে যে এই ঘটনাত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । "তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অধিক বিৱৰণ পৰৱৰ্তী সময়ত দিয়া হ'ব ।" আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক গুলীয়াই হত্যা কৰাৰ পিচত এজন আৰক্ষী বিষয়াই এনেদৰে কয় (UP Police on Atiq Murder) ।

উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ পিচত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়ে কয় যে এই ঘটনাটো ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ বিফলতাৰ এক সঠিক উদাহৰণ । আছাদুদ্দিন ওৱেইচিয়ে টুইটাৰযোগে কয়, "আতিক আৰু তেওঁৰ ভাতৃ আৰক্ষীৰ জিম্মাত আছিল । তেওঁলোকক হাতকেৰেয়া পিন্ধোৱা হৈছিল । জয় শ্ৰীৰাম শ্লোগানো দিয়া হৈছিল। দুয়োজনৰ হত্যা যোগীৰ আইন-শৃংখলা ব্যৱস্থাৰ বিফলতা । যিসকলে এনকাউণ্টাৰৰাজ উদযাপন কৰে তেওঁলোকেই এই হত্যাকাণ্ডৰ বাবে দায়ী (Atiq Ahmed had more than 100 FIRs) ।"

উল্লেখ্য, আতিক আহমেদক ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ গোচৰত আৰু এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো অভিযুক্ত কৰা হৈছিল ।

লগতে পঢ়ক :Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

ABOUT THE AUTHOR

...view details