অসম

assam

Seize marijuana in Agartala: ত্ৰিপুৰাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : Aug 13, 2023, 7:59 AM IST

ত্ৰিপুৰাৰ আম্বাছা আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে চলোৱা যুতীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ 1 কোটি মূল্যৰ গাঞ্জা জব্দ ৷

Seize marijuana in Agartala
ত্ৰিপুৰাত অসম ৰাইফলছে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ

নেশ্যনেল ডেস্ক, 13 আগষ্ট:ড্ৰাগছ বিৰোধী অভিযান সমগ্ৰ দেশজুৰি অব্যাহত থকাৰ সময়তে দেশৰ ভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে বৃহৎ মূল্যৰ ড্ৰাগছ জাতীয় সামগ্ৰী ৷ ত্ৰিপুৰাৰ ধলাই জিলাৰ আম্বাছা আৰক্ষী থানাৰ অধীনৰ এক এলেকাত শুকুৰবাৰে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ শুকুৰবাৰে অসম ৰাইফলছৰ বেটেলিয়নে ড্ৰাগছ সৰবৰাহৰ অভিযাগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 1 কোটি টকা মূল্যৰ 257 কেজি গাঞ্জা ৷ ত্ৰিপুৰাৰ ধলাই জিলাৰ আম্বাছা আৰক্ষী থানাৰ অধীনত আম্বাছা আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে চলোৱা যুতীয়া অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এই গাঞ্জাখিনি । জব্দ কৰা সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা কেইজনক আম্বাছা আৰক্ষীৰ হাতত গতাই দিয়া হৈছে বুলি জানিবলৈ পৰা গৈছে ৷

ড্ৰাগছ মুক্ত অভিযানৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে অসম ৰাইফলছে ৷ ইয়াৰ পূৰ্বে মঙলবাৰে অসম ৰাইফলছ আৰু কমলপুৰ আৰক্ষী থানাই যৌথ অভিযান চলায় ত্ৰিপুৰাৰ ধলাইত 9.2 লাখৰো অধিক মূল্যৰ 23 গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় বুলি জিলাখনৰ বিষয়াসকলে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে ।

গোপন সূত্ৰৰ ভিত্তিত ৰাধানগৰ বেটেলিয়নৰ এটা অসম ৰাইফলছৰ দলে মুখ্য কাৰ্যালয় আইগাৰ (ই) ৰ তত্বাৱধানত কমলাপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সৈতে যৌথ অভিযান চলায় এৰিয়াৰপাৰ বজাৰ অঞ্চলত । অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে এজন লোকক গ্ৰেপ্তাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 9.2 লাখ টকা মূল্যৰ 23 গ্ৰাম গ্ৰেড-1 হেৰ'ইন । শেহতীয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক :Drugs seized : কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে কোটি টকাৰ ড্ৰাগছ

ABOUT THE AUTHOR

...view details