অসম

assam

শশীকলাক সমৰ্থন কৰি দলৰ পৰা বহিষ্কৃত ৯ জন কৰ্মকৰ্তা

By

Published : Jul 6, 2021, 5:39 PM IST

AIADMK নেতৃত্বই দলটোৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদিকা ভি কে শশীকলাক মুকলিকৈ সমৰ্থন কৰাৰ পিছতে দলটোৰ নজনকৈ কৰ্মকৰ্তাক বহিষ্কাৰ কৰে । দলটোৱে নিৰ্বাচনী সংক্ৰান্তীয় আলোচনাৰ বাবে ৯ জুলাইত দলৰ মুখ্য কাৰ্যালয়ত সকলো জিলা সচিব আৰু অন্যান্য কাৰ্যকৰ্তাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব ।

AIADMK expels 9 party functionaries
শশীকলাক সমৰ্থন কৰি দলৰ পৰা বহিষ্কৃত ৯ জন কৰ্মকৰ্তা

নেশ্যনেল ডেস্ক,৬ জুলাই:এআইএডিএমকে(AIADMK)ৰ নজনকৈ মধ্যম পৰ্যায়ৰ নেতাক বহিষ্কাৰ কৰে । AIADMK নেতৃত্বই দলটোৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদিকা ভি কে শশীকলাক মুকলিকৈ সমৰ্থন কৰাৰ পিছতে দলটোৰ নজনকৈ কৰ্মকৰ্তাক বহিষ্কাৰ কৰে । উল্লেখ্য যে শশীকলাক ২০১৭ চনত দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

সোমবাৰে সন্ধিয়া এআইএডিএমকেৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়ৰ এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে দলীয় গোটসমূহৰ চালেম, কাল্লাকুৰিচি আৰু থুথুকুডি জিলাৰ দলীয় কৰ্মকৰ্তা কেইজনক শশীকলাক সমৰ্থন কৰাৰ বাবে বহিষ্কাৰ কৰা হৈছে । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে দলটোৱে নিৰ্বাচনী সংক্ৰান্তীয় আলোচনাৰ বাবে ৯ জুলাইত দলৰ মুখ্য কাৰ্যালয়ত সকলো জিলা সচিব আৰু অন্যান্য কাৰ্যকৰ্তাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব । দলটোৱে শশীকলা আৰু ৰাজ্যখনৰ কেইবাখনো গ্ৰাম্য জিলাৰ দলীয় কাৰ্য্যালয়ৰ বিষয়া আৰু নেতাসকলক তীব্ৰ সমালোচনা কৰে । লক্ষণীয়ভাৱে "আম্মাৰ (জয়ললিতা) সোণালী শাসন" ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে শশীকলাই সক্ৰিয় ৰাজনীতি ত্যাগৰ ঘোষণা কৰিছিল ।

তেওঁ ২০১৭ চনৰ পৰা যোৱা চাৰি বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছিল আৰু বাংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তামিলনাডুলৈ উভতি অহাৰ পিছতে তেওঁ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত থকাৰ কথা ঘোষণা কৰিছিল । তেওঁৰ ভতিজা টিটিভি ধিনাকৰণে আম্মা মাক্কাল মুন্নেত্ৰা কাঝাগম (AAMK) নামৰ এটা ৰাজনৈতিক দল আৰম্ভ কৰিছিল আৰু সেই দলটোৰ নেতৃত্ব দিব আৰু পিছত এআইএডিএমকেৰ (AIADMK) দায়িত্ব ল'ব বুলি আশা কৰা হৈছিল । কিন্তু হঠাতে তেওঁ ৰাজনীতিৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিলে ।

AIADMK ৰ নিৰ্বাচনী বিপৰ্যয়ৰ পিছত প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদিকা শশীকলা পুনৰ সক্ৰিয় হৈ পৰিছে আৰু প্ৰাক্তন মন্ত্ৰী আৰু সাংসদসহ অৱসৰৰ বাবে বাট চাই থকা নিম্ন আৰু মধ্যম পৰ্যায়ৰ নেতাসকলৰ লগতে জ্যেষ্ঠ নেতাসকলৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে । ৰাজনৈতিক বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে শশীকলাই এডাপ্পাডি কে. পালানিস্বামী আৰু অ' পানাৰচেলমৰ মাজত জাতিগত বিভেদ সৃষ্টি কৰিবলৈ যত্ন কৰি আছে । শশীকলা আৰু পন্নীৰচেলভম দুয়ো থেভাৰ সম্প্ৰদায়ৰ আৰু এডাপ্পাডি পালানিস্বামী এজন গৌণ্ডাৰ ।

লগতে পঢ়ক :ভাৰতত ভেনু-২ ছিৰিজৰ দুটাকৈ স্মাৰ্ট ঘড়ী মুকলি

ABOUT THE AUTHOR

...view details