অসম

assam

Manipur Violence : মণিপুৰ শান্তি সমিতিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ মেইটেই গোটৰ

By

Published : Jun 13, 2023, 7:07 PM IST

মেইটেই গোটটোৱে কৈছে যে অবৈধ প্ৰব্ৰজন আৰু নাৰ্কো-সন্ত্ৰাসবাদ আক্ৰমণ নিয়ন্ত্ৰণ নকৰালৈকে তেওঁলোকে শান্তি সমিতিত অংশগ্ৰহণ নকৰে ।

Manipur peace committee
Manipur peace committee

নিউজ ডেস্ক, ১৩ জুন : হিংসাপীড়িত মণিপুৰত শান্তি স্থাপন প্ৰক্ৰিয়াত কাৰ্যত মুখ থেকেচা । কুকি আৰু মেইটেই দুয়োটা গোটেই গৃহ মন্ত্ৰালয়ে গঠন কৰা শান্তি সমিতিৰ অংশ হ'বলৈ অস্বীকাৰ কৰিছে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সমিতিত অন্তৰ্ভুক্ত কৰাত কুকি গোট ইতিমধ্যে অসন্তুষ্ট হৈ থকাৰ সময়তে, বৰ্তমান মেইটেইৰ পাঁচটা নাগৰিক সমাজ গোটেৰে গঠিত মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে (Coordinating Committee on Manipur Integrity, COCOMI) শান্তি সমিতিখনৰ গঠনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

তেওঁলোকে অভিযোগ কৰিছে যে ইয়াৰ আহ্বায়ক জীতেন্দ্ৰ নিঙ্গোম্বাক তেওঁৰ সন্মতি অবিহনেই সদস্য হিচাপে সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছিল । COCOMI-ৰ মতে, বিদ্ৰোহীসকলৰ সৈতে অভিযান স্থগিত ৰখাটো (এছ.ও.ও.) প্ৰত্যাহাৰ নকৰাকৈ আৰু নাৰ্কো-সন্ত্ৰাসবাদ আৰু অবৈধ প্ৰব্ৰজনৰ সমস্যা সমাধান নকৰাকৈ শান্তি নিশ্চিত কৰাটো সম্ভৱ নহয় ।

এই সন্দৰ্ভত নিঙ্গোম্বাই কয় যে জনসাধাৰণে উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বিচাৰে আৰু সকলো দাবী পূৰণ নোহোৱালৈকে শান্তি সমিতিক প্ৰত্যাখ্যান কৰিছে । তেওঁ কয় যে শান্তি সমিতিখনে কাম কৰিব পৰাকৈ সক্ষম হ'বলৈ হ'লে হিংসাৰ সমাপ্তি হ'ব লাগে । তেওঁ লগতে কয় যে সমিতিৰ সদস্যসকলৰ মাজৰ এজন হিচাপে তেওঁৰ নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত তেওঁৰ সন্মতি লোৱা হোৱা নাছিল ।

উল্লেখ্য, একে ধৰণৰ অভিযোগ উত্থাপন কৰি কুকি ইনপি মণিপুৰ নামৰ এটা শীৰ্ষ কুকি গোটে পূৰ্বতেই কৈছিল যে তেওঁলোকৰ সভাপতিৰ পৰা কোনো পৰামৰ্শ নোলোৱাকৈ বা অৱগত নকৰাকৈয়ে তেওঁ সমিতিত অন্তৰ্ভুক্ত কৰা হৈছিল ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা ১০ জুনত এই শান্তি সমিতি গঠন কৰিছিল । ৰাজ্যপাল অনুসূয়া উইকীৰ নেতৃত্বত সমিতিখনত মুখ্যমন্ত্ৰী বীৰেন সিং, সাংসদ, বিধায়ক আৰু অন্যান্য অংশীদাৰসহ ৫১ জন সদস্য আছে । মেইটেই সম্প্ৰদায়ৰ মুঠ ২৫ জন, কুকিৰ ১১ জন আৰু নগাৰ ১০ জন সদস্যৰ লগতে মুছলমানৰ তিনিজন আৰু নেপালী সম্প্ৰদায়ৰ দুজন সদস্য আছে ।

উল্লেখ্য যে মণিপুৰত ডেৰমাহ পূৰ্বে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত এক জাতিগত হিংসা আৰম্ভ হয়, য'ত ১০০ জন লোক নিহত হোৱাৰ উপৰি ৩১০ জন আহত হয় ।

লগতে পঢ়ক :Gas Leakage at Tata Steels plant : ওড়িশাৰ টাটা প্ৰকল্পত গেছ নিৰ্গমন; গুৰুতৰভাৱে আহত ১৯

ABOUT THE AUTHOR

...view details