অসম

assam

MCD election results 2022 : আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ

By

Published : Dec 7, 2022, 4:50 PM IST

অৱশেষত দিল্লী পৌৰ নিগমো নিজৰ দখললৈ নিলে আম আদমি পাৰ্টীয়ে (AAP wins MCD election)। আপৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ জয়লাভ । ৪৩ নং চুলতানপুৰী-A ৱাৰ্ডৰ পৰা জয়ী হ'ল ববি কিন্নৰ ।

MCD election results 2022
আপৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীৰ জয়লাভ

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ :১৫ বছৰীয়া বিজেপি শাসনৰ অন্ত পেলাই অৱশেষত দিল্লী পৌৰ নিগম নিৰ্বাচনত বিজয় ধ্বজা উৰুৱালে আম আদমি পাৰ্টীয়ে (MCD election results 2022)। নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি পৌৰ নিগম আপে দলে নিজৰ হাতলৈ নিলে । ইফালে দিল্লীৰ ৰাজনীতিত আন এক ইতিহাস ৰচনা হ'ল ।

দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিয়েও এই নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হ'ল (Transgender candidate wins in MCD election)। আম আদমি পাৰ্টীৰ প্ৰথম তৃতীয় লিংগৰ প্ৰাৰ্থী ববি কিন্নৰে পৌৰ নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হয় । তেওঁ দিল্লী পৌৰ নিগম নিৰ্বাচনত জয়ী হোৱা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তি । ৩৮ বছৰীয়া ববি কিন্নৰ হিন্দু যুৱ সমাজ একতা আৱাম সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ দিল্লী গোটৰ সভাপতিও । আন্না হাজাৰেৰ আন্দোলনৰ সময়ত ববিয়ে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।

উল্লেখ্য যে দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰা ববি হৈছে প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী (Bobby Kinnar wins MCD election)। আম আদমি পাৰ্টীয়ে ৰাজনীতিৰ জৰিয়তে সামাজিক সেৱা কৰাৰো সুযোগ দিছে । ববি কিন্নৰক এছচি মহিলাসকলৰ বাবে সংৰক্ষিত আসনত ৪৩ নং চুলতানপুৰী-A ৱাৰ্ডৰ পৰা টিকট দিয়া হৈছিল । আম আদমি পাৰ্টী পৌৰ নিগম নিৰ্বাচনত তৃতীয় লিংগৰ ব্যক্তিক টিকট দিয়া প্ৰথমটো দল । ববি কিন্নৰে ২০১৭ চনতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।

পৌৰ নিগম নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্বে ববি কিন্নৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল । ববি কিন্নৰে কৈছিল যে দিল্লীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো তেওঁৰ প্ৰথম লক্ষ্য হ'ব । যদি তেওঁ জয়ী হয়, তেওঁ নিজৰ ৱাৰ্ডটো পৰিষ্কাৰৰ কাম প্ৰথমে কৰিব । তেওঁ লগতে কৈছিল যে তেওঁ এটা অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছে ।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ ওচৰত ধন নাই, কিন্তু ৰাইজৰ কথা মতে তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ববিয়ে লগতে কৈছিল যে তেওঁৰ সম্প্ৰদায়ৰ মানুহে আগবাঢ়ি যোৱাটো তেওঁ বিচাৰে আৰু তেওঁৰ দৰে ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো কামনা কৰে ।

লগতে পঢ়ক :Himachal election results 2022 : বিৰোধী শক্তিশালী স্থিতিত থাকিলে কি হ'ব বিজেপিৰ প্লেন-B ?

ABOUT THE AUTHOR

...view details