অসম

assam

৭ দিনীয়া ৰীতি-নীতিৰে আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 9:39 AM IST

Updated : Jan 16, 2024, 9:50 AM IST

Ayodhya Ram temple : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত আবেগিক হৈ পৰিছে প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানী ৷ "নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰত (ভগৱান ৰামৰ মূৰ্তি) মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব , তেতিয়া তেওঁ আমাৰ ভাৰতৰ প্ৰতিজন নাগৰিকক প্ৰতিনিধিত্ব কৰিব ।" - আদৱানী

7-day rituals for Ayodhya Ram temple's consecration begins today
৭ দিনীয়া ৰীতি-নীতিৰে আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী : অচিৰেই ভক্তৰ বাবে মুকলি হ’ব ৰাম মন্দিৰৰ দুৱাৰ ৷ মাজত মাথো 7 টা দিন ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে সাতদিনীয়া বৈদিক ৰীতি-নীতিৰে আৰম্ভ কৰিছে অভিষেক অনুষ্ঠান ৷ অহা 22 জানুৱাৰীত ৰাম মন্দিৰত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মঙলবাৰৰ পৰা ৰীতি-নীতি অনুসৰি অভিষেক অনুষ্ঠান আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই বিশাল অনুষ্ঠানত হাজাৰ হাজাৰ ভিভিআইপি তথা অতিথি উপস্থিত থাকিব ৷

এই অনুষ্ঠান অনুসৰি, প্ৰয়াসচিতা আৰু কৰ্মকুটি পূজনৰ উপৰিও সৰয়ু নদীৰ পাৰত 'দশবিধি' স্নান, ৰীতি-নীতিৰ এক অবিচ্ছেদ্য অংশ হ’ব । বিজেপিৰ কঠোৰ নেতা লালকৃষ্ণ আদৱানীয়ে ভগৱান ৰামক সমৰ্পিত মন্দিৰটোৰ নিৰ্মাণৰ আন্দোলনৰ বাবে জনসাধাৰণক একত্ৰিত কৰিবলৈ গুজৰাটৰ সোমনাথৰ পৰা ৰথযাত্ৰা আৰম্ভ কৰিছিল । নৰেন্দ্ৰ মোদীও তেওঁলোকৰ মাজৰ এজন আছিল ৷ অযোধ্যাৰ অভিষেক অনুষ্ঠানৰ বাবে সাজু হোৱাৰ লগে লগে হিন্দী সাহিত্য আলোচনী ৰাষ্ট্ৰধৰ্মৰ বিশেষ সংস্কৰণত প্ৰকাশ পাব লগীয়া 'ৰাম মন্দিৰ নিৰ্মাণ, এক দিব্যা স্বপ্না কী পূৰ্তি' প্ৰবন্ধত আৱেগিক আদৱানীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক প্ৰশংসা কৰে ।

"যেতিয়া নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰত (ভগৱান ৰামৰ মূৰ্তি) মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব , তেতিয়া তেওঁ আমাৰ ভাৰতৰ প্ৰতিজন নাগৰিকক প্ৰতিনিধিত্ব কৰিব । মই প্ৰাৰ্থনা কৰোঁ যে এই মন্দিৰটোৱে সকলো ভাৰতীয়ক শ্ৰী ৰামৰ আদৰ্শক অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰক ৷" আদৱানীয়ে উল্লেখ কৰে ৷

1990 চনত, যেতিয়া ৰাম মন্দিৰ আন্দোলনৰ বিষবাস্প বিয়পিছিল, তেতিয়াৰ গুজৰাট বিজেপিৰ তদানীন্তন সাধাৰণ সম্পাদক মোদীয়ে যাত্ৰা আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 30 বছৰ পিচত 2020 চনত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ৰাম মন্দিৰৰ 'ভূমি পূজন'ত অংশগ্ৰহণ কৰে ।

ইফালে, চাৰিজন শংকৰাচাৰ্যৰ বিৰোধিতাৰ পিচতে 'প্ৰাণ প্ৰতিষ্ঠা'ক লৈ বিতৰ্কৰ সৃষ্টি হয় ৷ তেওঁলোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ নকৰে ৷ পুৰীৰ শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতী মহাৰাজে প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰি কয় যে, তেওঁ অনুষ্ঠানটোৰ অংশ হ'ব নিবিচাৰে ।

লগতে পঢ়ক:মকৰ সংক্ৰান্তিত কপাল ফুলিব এই তিনিটা ৰাশিৰ জাতক-জাতিকাৰ

Last Updated :Jan 16, 2024, 9:50 AM IST

ABOUT THE AUTHOR

...view details