অসম

assam

মিজোৰামৰ উন্নয়নৰ বাবে ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰিব লালডুহোমাই

By ANI

Published : Dec 6, 2023, 3:40 PM IST

লালডুহোমাই কয় যে শপত গ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে মিজোৰামৰ উন্নয়নৰ বাবে ১০০ দিনীয়া কৰ্মসূচী ঘোষণা কৰা হ'ব । এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰিব আৰু তাত কৃষক উন্নয়নৰ পদক্ষেপো ঘোষণা কৰা হ'ব ।

Lalduhoma to form Mizoram govt
মিজোৰামৰ উন্নয়নৰ বাবে ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰিব লালডুহোমাই

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : মিজোৰামৰ ৰাজনীতিত ঐতিহাসিক পট পৰিৱৰ্তন ঘটাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'বলৈ আগবাঢ়িছে জোৰাম পিপ'লছ মুভমেণ্টৰ নেতা লালডুহোমা । আনহাতে, মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে লালডুহোমাই কৈছে যে শপত গ্ৰহণ অনুষ্ঠান শেষ হোৱাৰ লগে লগে ৰাজ্যখনৰ উন্নয়নৰ বাবে ১০০ দিনৰ কৰ্মসূচী ঘোষণা কৰা হ'ব । লগতে নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰত মহিলা মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত লালডুহোমাই কয় যে এতিয়ালৈকে এই বিষয়ত সিদ্ধান্ত লোৱা হোৱা নাই ।

"জেডপিএমৰ এক পৃথক ব্যৱস্থা আছে । আমাৰ নিজৰ দলৰ সংবিধান আছে । ইয়াৰ অধীনত মন্ত্ৰী নিয়োগ কৰাৰ কোনো দায়িত্ব বা কৰ্তৃত্ব মোৰ নাই । এইটো জ্যেষ্ঠ পৰিষদৰ দ্বাৰা যুটীয়াভাৱে কৰিব লাগিব । ইয়াৰ বাবে আজি নিশা আমাৰ এখন সভা অনুষ্ঠিত হ'ব । আমি আজি নিশা সেয়া চূড়ান্ত কৰিম ।" লালডুহোমাই এএনআইৰ আগত কয় ।

আনহাতে, জেডপিএমৰ সপক্ষে জনাদেশ দিয়াৰ বাবে মিজোৰামৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰি লালডুহোমাই কয়, "আমি মিজোৰামৰ সকলো লোককে ধন্যবাদ জনাইছোঁ । মই তেওঁলোকক ভৱিষ্যতৰ বাবে এক উচ্চ আশা ৰাখিবলৈ অনুৰোধ জনাইছোঁ ।" উল্লেখ্য যে প্ৰাক্তন আইপিএছ বিষয়া তথা জোৰাম পিপ'লছ মুভমেণ্টৰ নেতা লালডুহোমাই ৮ ডিচেম্বৰত মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

তেওঁ লগতে কয় যে শপত গ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে মিজোৰামৰ উন্নয়নৰ বাবে ১০০ দিনীয়া কৰ্মসূচী ঘোষণা কৰা হ'ব । "মই এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ । সেইদিনা কৃষক উন্নয়নৰ পদক্ষেপো ঘোষণা কৰা হ'ব ।" লালডুহোমাই কয় । লালডুহোমাই বুধবাৰে আইজলৰ ৰাজভৱনত মিজোৰামৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায় ।

ইয়াৰ উপৰি মিজোৰামত ম্যানমাৰৰ শৰণাৰ্থীসকলৰ সন্দৰ্ভত বক্তব্য ৰাখি লালডুহোমাই কয় যে তেওঁলোক সকলো ভাৰতীয় নাগৰিক আৰু ইয়াত কোনো পাৰ্থক্য নাই । "কালি মই গৃহমন্ত্ৰীৰ সৈতে কথা পাতিছিলোঁ । মই দিল্লীলৈ যাম আৰু তেওঁক লগ কৰিম আৰু বিষয়টো আলোচনা কৰিম । তেওঁলোক সকলো ভাৰতীয় নাগৰিক । তেওঁলোকৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই । গৃহমন্ত্ৰীয়ে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে ।" তেওঁ কয় ।

উল্লেখ্য যে শেহতীয়া নিৰ্বাচনত জেডপিএমে মিজোৰামৰ ৪০ টা বিধানসভা সমষ্টিৰ ভিতৰত ২৭ টাত জয়লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে । আনহাতে, মঙলবাৰে জেডপিএমে তেওঁলোকৰ বিজয় উদযাপন কৰিবলৈ এক বিশেষ উপাসনা সেৱা অনুষ্ঠিত কৰে । জেডপিএমৰ নৱনিৰ্বাচিত বিধায়িকা বাৰিল ভান্নেইহছাংগীও এই উপাসনা সেৱাৰ বাবে অনুষ্ঠানস্থলীত উপস্থিত থাকে । এএনআইৰ সৈতে হোৱা বাৰ্তালাপত তেওঁৰ বিজয়ৰ বাবে সম্প্ৰদায়টোৰ সকলো মহিলাক কৃতিত্ব প্ৰদান কৰে ।

"মই এই বিজয় আমাৰ সমাজ আৰু সম্প্ৰদায়ৰ প্ৰতিগৰাকী মহিলাক উৎসৰ্গা কৰিছোঁ ।" তেওঁ কয় । ছয়বছৰ পূৰ্বে ছয়টা সৰু সংগঠনৰ একত্ৰীকৰণৰ জৰিয়তে গঠন কৰা জেডপিএমে এইবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰে । ইয়াৰ ফলত উত্তৰ-পূবৰ ৰাজ্যখনৰ এমএনএফ আৰু কংগ্ৰেছৰ মাজত ক্ষমতাৰ দশকজোৰা প্ৰৱণতাৰ অৱসান ঘটে ।

লগতে পঢ়ক :ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী

ABOUT THE AUTHOR

...view details