অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুৱতি নিশা এখন অসমীয়া ছবিৰ দৰ্শনী
৩১ অক্টোবৰ মুক্তি লাভ কৰিব 'ৰৈ ৰৈ বিনালে' । পুৱা ৪ বাজি ২৫ মিনিটৰ পৰা আৰম্ভ হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী ।
Published : October 31, 2025 at 12:03 AM IST
|Updated : October 31, 2025 at 12:58 AM IST
হায়দৰাবাদ : মাজত মাত্ৰ কেইটামান ক্ষণ । ঈশ্বৰপুত্ৰক আদৰিবলৈ সাজু ৰাজ্যৰ প্ৰতিটো ছবিগৃহ । কিছু সময়ৰ পাছতেই উপভোগ কৰিব পাৰিব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ । উৎকণ্ঠিত ৰাইজ । ৩১ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত ৯১খন আৰু সমগ্ৰ দেশত ৮৫খন স্ক্ৰীনত প্ৰদৰ্শিত হ'ব 'ৰৈ ৰৈ বিনালে' । গুৱাহাটীৰ মেট্ৰিকত চিনেমাছত পুৱতি নিশা ৪ বাজি ২৫ মিনিটৰ পৰা প্ৰদৰ্শিত হ'ব ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমটো দৰ্শনী ।
পোন প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ দৰ্শনী পুৱা ৪ বাজি ২৫ মিনিটৰ পৰা আৰম্ভ হ'ব । একেদৰে নিশা ২.৫ বজালৈ বিভিন্ন ছবিগৃহত চলিব জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন । ইতিমধ্যে বুকিং হৈ গৈছে সকলো টিকট । মুক্তিৰ পূৰ্বে প্ৰায় এসপ্তাহলৈ ছবিখনৰ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে । কোনো কোনো ঠাইত ২০ দিন পৰ্যন্ত বুকিং হৈ গৈছে । কিন্তু কমা নাই ভিৰ । টিকট বিচাৰি এতিয়াও অনলাইন-অফলাইনত হাবাথুৰি খাইছে জুবিনপ্ৰেমীয়ে ।
জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ৰ বাবে পিছুৱাই দিয়া হৈছে কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখো । জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তথা ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি নৱেম্বৰ মাহত মুক্তি লাভ কৰিবলগীয়া দুখনকৈ প্ৰত্যাশিত ছবি 'অগ্নিবান' আৰু 'ককাদেউতা নাতি আৰু হাতী ০২' মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে । একেদৰে ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিবলগীয়া ছবি 'হোমৱৰ্ক' আৰু অক্টোবৰ মাহত মুক্তিলাভ কৰিবলগীয়া ছবি 'যৌৱনে আমনি কৰে ০২'ৰ মুক্তিৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ।
ইফালে ৰাজ্যৰ কেইবাটাও মৃতপ্ৰায় ছবি ঘৰে যেন নতুন জীৱন লাভ কৰাৰ দিশে আগবাঢ়িছে । জুবিন গাৰ্গৰ শেষৰখন চিনেমাৰ প্ৰদৰ্শনৰ বাবে এতিয়া ৰাজ্যত খোল খাইছে বন্ধ হৈ যোৱা একাধিক চিনেমা হল । অসমীয়া চিনেমা উদ্যোগলৈ আশাৰ ৰেঙণি আনি থৈ গ’ল যুগান্তৰৰ কিংবদন্তী শিল্পী জুবিন গাৰ্গে ।