ETV Bharat / entertainment

উত্তৰ-পূৰ্বাঞ্চলত ৯১খন, সমগ্ৰ দেশত ৮৫খন স্ক্ৰীনত শুকুৰবাৰৰ পৰা 'ৰৈ ৰৈ বিনালে'

ক'তোৱেই টিকট নাই ৷ প্ৰতিদিনে প্ৰায় ডেৰ লাখ লোকে চাব জুবিন গাৰ্গৰ শেষ ছবিখন ।

ROI ROI BINALE
উত্তৰ-পূৰ্বাঞ্চলত ৯১খন স্ক্ৰীনত মুক্তিলাভ কৰিব 'ৰৈ ৰৈ বিনালে' (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 6:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মাজত মাথোঁ কেইটামান ক্ষণ বাকী । শুকুৰবাৰে মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি "ৰৈ ৰৈ বিনালে" । ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পোৱাৰ সমান্তৰাললৈ বহিঃৰাজ্যতো মুক্তিলাভ কৰিব ছবিখনে । আনহাতে ছবিখন মুক্তিৰ পূৰ্বেই ইতিমধ্যে সৃষ্টি কৰিছে অভিলেখ ।

পোন প্ৰথমবাৰৰ বাবে এখন অসমীয়া ছবিৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব দৰ্শনী । সমান্তৰালভাৱে মুক্তিৰ পূৰ্বে প্ৰায় এসপ্তাহলৈ ছবিখনৰ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে । ছবিখনৰ মুক্তিৰ লগতে প্ৰদৰ্শনী সন্দৰ্ভত চলচ্চিত্ৰ বিতৰক সংস্থা UFOৰ পূব মণ্ডলৰ মূৰব্বী সৌৰভ দত্তই ই টিভি ভাৰতক টেলিফোন যোগে ক'লে- "আমাৰ ওচৰত বুধবাৰৰ সন্ধিয়ালৈ যিটো সংখ্যা আছিল সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৯১ খন স্ক্ৰীনত ছবিখনে মুক্তিলাভ কৰিব । আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত প্ৰায় ৮৫খন স্ক্ৰীনত ছবিখন মুক্তি পাব । অৱশ্যে এই সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে । আনহাতে প্ৰতিদিনে প্ৰায় ডেৰ লাখ লোকে চাব 'ৰৈ ৰৈ বিনালে' ।"

  • কিমান দিনলৈ চলিব ছবিখন

ছবিখনৰ অগ্ৰিম বুকিং খুলি দিয়াৰ লগে লগে মুহূৰ্ততে হাউচফুল হৈ পৰিছিল প্ৰতিটো দৰ্শনী । বহু দর্শকে ছবিখনৰ টিকট বিচাৰি হাহাকাৰ কৰাও পৰিলক্ষিত হৈছিল । এইক্ষেত্ৰত ছবিগৃহ কৰ্তৃপক্ষই সংবাদমেল সম্বোধন কৰি অসমৰ প্ৰতিগৰাকী লোকে ছবিখন নোচোৱালৈকে ছবিগৃহত ছবিখন থাকিব বুলি জনাইছিল ।

এই সন্দৰ্ভত সৌৰভ দত্তই কয়, "এই ছবিখন এতিয়া কেৱল অসমীয়া মানুহৰ হৈ থকা নাই । জুবিন গাৰ্গক ভালপোৱা প্ৰতিগৰাকী মানুহে এই ছবিখন চাব । গতিকে দুমাহটো খুব আৰামতে ছবিখন চলি থাকিব, তাৰ পাছতো কিন্তু তিনি-চাৰিমাহলৈ ছবিখন চলি থাকিব । গুৱাহাটীত ৩৩ খনমান স্ক্ৰীন আছে, সেয়ে গুৱাহাটীত হয়তো পাছলৈ স্ক্ৰীনৰ সংখ্যা কমি আহিব, কিন্তু যিবোৰ ঠাইত ছবিগৃহৰ সংখ্যা কম সেইবোৰ ঠাইত গোটেই মানুহখিনিয়ে ছবিখন চাই শেষ কৰিবলৈ হ'লে হয়তো ৬ মাহৰ পৰা এবছৰ লাগি যাব । যদিহে তেতিয়ালৈকে প্ৰযোজকৰ তৰফৰ পৰা ব্যক্তিগতভাৱে প্ৰদৰ্শনীৰ ব্যৱস্থা নকৰে ।"

  • পোন প্ৰথমবাৰৰ বাবে পুৱা ৫ বজাত আৰম্ভ হ'ব প্ৰদৰ্শনী

এই সন্দৰ্ভত দত্তই কয়, "পুৱা ৫ বজাত দৰ্শনী ইয়াৰ পূৰ্বে কেতিয়াও অসমত হোৱা নাই । কেৱল অসমীয়া বুলিয়ে নহয় হিন্দী বা ইংৰাজী ছবি প্ৰদৰ্শনীও ইয়াৰ পূৰ্বে কেতিয়াও ৫ বজাত দৰ্শনী হোৱা নাই । ইয়াৰ পূৰ্বে কেৱল আমি এখন ছবিত দেখিছিলো পুৱা ৬ আৰু ৬.৩০ বজাত দৰ্শনী হৈছিল । avengers endgame এই ছবিখনৰ দৰ্শনী পুৱা ৬ বজাৰ পৰা হৈছিল । তাৰ পাছত খুৱ সম্ভৱ 'স্পাইডাৰমেন'ৰ সময়তো চাগৈ ৬ বজাত দৰ্শনী হৈছিল । কিন্তু ৫ বজাত দৰ্শনী হোৱা এয়াই প্ৰথম ।"

উল্লেখ্য যে, ৰৈ ৰৈ বিনালেৰ কাহিনী জুবিন গাৰ্গৰ । পৰিচালনা কৰিছে ৰাজেশ ভূঞাই । ছবিখনত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছে ভিক্টৰ বেনাৰ্জী, জয় কাশ্যপ, আচুৰ্য্য বৰপাত্ৰ, মৌচুমী আলিফা, উজ্জ্বল ৰাজখোৱা, মিতালী ৰয়, আঙুৰলতা ডেকা আদিকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : “মই নিজকে প্ৰস্তুত কৰিব পৰা নাই, ছবিখন কেনেকৈ চাম” : গৰিমা শইকীয়া গাৰ্গ

ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...

উৎকণ্ঠা বাঢ়িছে অসমীয়াৰ, ৰূপালী পৰ্দাত সজীৱ ৰূপত আহিব হিয়াৰ আমঠু জুবিন