ETV Bharat / entertainment

ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...

সামাজিক মাধ্যমত ভাইৰেল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা বিশেষ টোকা । যিটো টোকাত "ৰৈ ৰৈ বিনালে" চাবলৈ দৰ্শকক আহ্বান জনাইছে প্ৰাণৰ শিল্পীগৰাকীয়ে ।

Zubeen
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা বিশেষ টোকা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 30, 2025 at 1:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা ।" নিজৰ সপোনৰ ছবিখনৰ প্ৰচাৰৰ বাবে এইবাৰ এনেদৰে এটা টোকা লিখি অনুৰাগীক আহ্বান জনোৱাৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে । এই টোকাৰ লগতে আছিল তেওঁৰ চহীও ।

ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীয়ে এনেদৰে এখন চিঠি দি গৈছিল 'ৰৈ ৰৈ বিনালে'ৰ পৰিচালক ৰাজেশ ভূঞাৰ হাতত । ছবিখন সকলোকে চাবলৈ আহ্বান জনোৱাৰ লগতে তেওঁৰ অট'গ্ৰাফ যাতে সকলোৱে পায়, তাৰ বাবে এই পৰিকল্পনা কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গে ।

Zubeen
জুবিন গাৰ্গৰ হাতৰ আখৰ (Photo : ETV Bharat Assam)

এই সন্দৰ্ভত পৰিচালক ৰাজেশ ভূঞাই জনোৱা অনুসৰি, “ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ১৫ ছেপ্টেম্বৰৰ দিনা ছবিখনৰ প্ৰচাৰৰ সন্দৰ্ভত জুবিনে আলোচনা কৰিছিল । পূৰ্বৰ মিছন চাইনা, কাঞ্চনজংঘাতকৈ এইবাৰৰ প্ৰচাৰটো অকণমান বেলেগ ধৰণে কৰাৰ পৰিকল্পনা কৰিছিল জুবিনে ।”

ৰাজেশ ভূঞাক জুবিনে কৈছিল- “সকলোৱে মোৰ ওচৰলৈ আহে অট'গ্ৰাফ বিচাৰি, মোৰ সান্নিধ্য বিচাৰি । সকলোকে যিহেতু মই একেলগে একেটা সময়তে লগ কৰা সম্ভৱ নহয়, সেয়ে মই এনেকুৱা এটা কাম কৰিম যাতে সকলোৱে মোৰ সান্নিধ্যটো পায় । মই এটা অট'গ্ৰাফ দিম আৰু লগতে ৰাইজক ছবিখন চাবলৈ আহ্বান জনাম ।" আৰু সেইদিনাই সেই টোকাটো লিখি থৈ গৈছিল জুবিনে ।

জুবিনে বিচাৰিছিল তেওঁৰ চহী আৰু ফটো প্ৰতিগৰাকী অসমীয়াৰ ঘৰে ঘৰে থকাটো । সেই বিশেষ টোকাটোৱেই আছিল জুবিন গাৰ্গে হাতেৰে লিখা শেষ কথা । প্ৰাণৰ শিল্পীগৰাকীৰ সেই শেষ ইচ্ছা এতিয়া পূৰণ কৰিছে "ৰৈ ৰৈ বিনালে"ৰ টীমে ।

বুধবাৰৰ দিনটোত সামাজিক মাধ্যমযোগে প্ৰাণৰ শিল্পীগৰাকীৰ চহী সম্বলিত এই টোকা ভাইৰেল হৈ পৰে । উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যৰ প্ৰতিটো ছবিগৃহৰ লগতে বহিঃৰাজ্যৰো প্ৰায় ৪৬ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে । মুক্তিৰ পূৰ্বে প্ৰায় এসপ্তাহলৈ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে । এককথাত ক’বলৈ গ'লে ছবিখনে মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : “মই নিজকে প্ৰস্তুত কৰিব পৰা নাই, ছবিখন কেনেকৈ চাম” : গৰিমা শইকীয়া গাৰ্গ