ETV Bharat / entertainment

“মই নিজকে প্ৰস্তুত কৰিব পৰা নাই, ছবিখন কেনেকৈ চাম” : গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাতে উপস্থিত গৰিমা শইকীয়া গাৰ্গ ৷

GARIMA SAIKIA GARG ON ZUBEEN KHETRA
ছবিখন কেনেকৈ চাম- গৰিমা শইকীয়া গাৰ্গ (Photo : GARIMA SAIKIA GARG Facebook)
author img

By ETV Bharat Entertainment Team

Published : October 30, 2025 at 12:16 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : জুবিন ক্ষেত্ৰৰ প্ৰস্তাৱিত ভূমিৰ পৰিসীমাৰ বুজ ল'বলৈ গৰিমা শইকীয়া গাৰ্গসহ সমাধি ক্ষেত্ৰক লৈ চৰকাৰে গঠন কৰা ১১ জনীয়া কমিটীৰ সদস্য উপস্থিত হয় উক্ত স্থানত ৷ বৃহস্পতিবাৰে পুৱাতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় সমিতিৰ অন্যন্য সদস্যৰ সৈতে গৰিমা শইকীয়া গাৰ্গ ।

তেওঁলোকে জুবিন ক্ষেত্ৰৰ ভূমিৰ পৰিসীমাৰ বুজ লয় । এই ভূমি পৰিদৰ্শন কৰি গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আমি আহিলো, স্থানীয় ৰাইজে আমাক জুবিন ক্ষেত্ৰৰ আশে-পাশে কিমান ভূমি আছে দেখুৱাইছে । আমাৰ ইচ্ছা- জুবিন ক্ষেত্ৰক আমি এখন সমাধি ক্ষেত্ৰ কৰিব বিচৰা নাই । জুবিন ক্ষেত্ৰ হওঁক অভিজ্ঞতাৰ ক্ষেত্ৰ, য'ত জুবিনৰ সকলো সৃষ্টিৰাজি থাকিব, ইয়াত এটা মিউজিয়াম হওঁক ।"

সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাতে উপস্থিত গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, "কেৱল এতিয়াৰ বুলিয়েই নহয় ভৱিষ্যতলৈও নতুন প্ৰজন্মই চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব পৰাৰ লগতে নিজকে যাতে জুবিনৰ সৈতে সংযোগ কৰিব পাৰে । এনে এটা পৰিৱেশ হওক, য'ত জুবিন গাৰ্গৰ সত্বা থাকিব । ইয়াত আমি ভাবিছো প্ৰাকৃতিক উপাদানৰ সৈতে টেকন’লজীৰো ব্যৱহাৰ কৰা হওক । এই সম্পৰ্কত আমাৰ সমিতিয়ে কলাক্ষেত্ৰত অনুষ্ঠিত বৈঠকত সবিশেষ আলোচনা কৰিছিলো । সেই মৰ্মে আমি আজি ভূমি পৰিদৰ্শন কৰিবলৈ আহিলো ৷”

জুবিন ক্ষেত্ৰৰ ভূমিৰ পৰিসৰ অলপ ডাঙৰ হ'লে ভাল বুলি উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয়, “জুবিন ক্ষেত্ৰ সম্পূৰ্ণ প্ৰাকৃতিক আৰু সাংস্কৃতিক ভাৱেৰে হ'ব । ইয়াৰ ওচৰত যেন কোনো ধৰণৰ ৰিজৰ্ট বা অন্যান্য বাণিজ্যিক নিৰ্মাণৰ কাম যাতে নচলে ৷ আমাৰ আইডিয়া দিছো কিন্তু আৰ্কিটেকে সম্পূৰ্ণ ডিজাইন কৰিব ।”

ইপিনে ৩১ তাৰিখে বহু প্ৰত্যাশিত জুবিনৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’ ছবিঘৰলৈ আহিব । এই সম্পৰ্কত গৰিমা শইকীয়া গাৰ্গে কয়, “মই নিজকে প্ৰস্তুত কৰিব পৰা নাই ছবিখন কিদৰে চাম । কিন্তু চাবটো লাগিবই । জুবিনৰ সপোন পূৰণ হ'ব, কিন্তু এটাই দুখ থাকিব, তেওঁ স্বচক্ষে এই সকলোবোৰ চাব নোৱাৰিলে ।”

অসমীয়া ছবিৰ জয়যাত্ৰা আৰু উত্তৰণ হোৱাৰ যি সপোন জুবিনে দেখিছিল সেয়া বাস্তৱ হোৱাৰে দিশে বুলি ক'লে গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে ৷

লগতে পঢ়ক : জুবিনে কেতিয়াও ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিল, ৰাজনীতি হ'ব নালাগে: জুবিন ক্ষেত্ৰত নিশা গৰিমা শইকীয়া গাৰ্গ