ETV Bharat / entertainment

উৎকণ্ঠা বাঢ়িছে অসমীয়াৰ, ৰূপালী পৰ্দাত সজীৱ ৰূপত আহিব হিয়াৰ আমঠু জুবিন

ইতিহাস সৃষ্টিৰ বাবে সাজু জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' ৷ আজিৰ নিশাটো পাৰ হোৱালৈ অধীৰ অপেক্ষা ।

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
সাজু জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 30, 2025 at 5:22 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : “How can a man become blind, when he can see ! He can see anything, but he cannot see anything, and that is blindness. That's my film Roi Roi Binale…” - এজন মানুহে সকলো দেখিও কিদৰে দৃষ্টিহীন হ’ব পাৰে ! তেওঁ সকলো দেখে, কিন্তু একো নেদেখে ৷ আৰু সেয়াই হৈছে দৃষ্টিহীনতা ৷ সেয়াই হৈছে মোৰ ছবি ৰৈ ৰৈ বিনালে...”— এই গভীৰ সমাজদায়বদ্ধ অন্তৰ্দৃষ্টিৰে নিৰ্মিত কিংবদন্তি শিল্পী সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি ’ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ।

মুক্তিৰ পূৰ্বেই 'ৰৈ ৰৈ বিনালে’ই আলোড়ন গঢ়ি তুলি অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ গঢ়িছে অসমত ৷ ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাৱে ১৯ ছেপ্টেম্বৰত অকাল মত্যুক আঁকোৱালি লোৱা কিংবদন্তি গায়ক জুবিন গাৰ্গে ৩১ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ বিষয়ে নিজেই কৈ গৈছে ওপৰত উল্লেখ কৰা ধৰণে ৷

জুবিনে কি কৈছিল ৰৈ ৰৈ বিনালেৰ কথা শুনক- (ETV Bharat Assam)

এজন জীৱনমুখী মানৱতাবাদী দৃষ্টিহীন গায়কৰ ভূমিকাত ছবিখনত মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে ৷ এজন মানুহে সকলো দেখে কিন্তু একো নেদেখে ৷ আৰু সেয়াই হৈছে দৃষ্টিহীনতা ৷ এই গভীৰ সামাজিক বাণীৰে সোঁতৰ বছৰৰ পৰিকল্পনাৰে জুবিন গাৰ্গে সম্পূৰ্ণ মিউজিকেল এই ছবিখন নিৰ্মাণ কৰিছিল । জুবিনৰ মৃত্যুৰ সময়ত আৱহ সংগীত আৰু সৰু-সুৰা দুই-এটা কামহে বাকী আছিল ছবিখনৰ ৷

নব্বৈ বছৰীয়া অসমীয়া চিনেমাৰ ইতিহাসত সকলো ইতিহাস ভংগ কৰি 'ৰৈ ৰৈ বিনালে' ছবিখনৰ পুৱা ৫ বজাৰ পৰা পুৱতি নিশা ২-৩০ বজালৈ শ্ব’ চলিব অসমৰ ছবিগৃহত । 'ৰৈ ৰৈ বিনালে' ছবিৰ বাবে ২০২৫ বছৰটোত অসমৰ ছবিঘৰত আন কোনো অসমীয়া ছবি মুকলি নকৰাৰো সিদ্ধান্ত প্ৰযোজক-পৰিচালকসকলৰ । এসপ্তাহলৈ ৰাজ্যখনৰ প্ৰায় সকলো চিনেমা হলৰ টিকট হাউচফুল হৈ পৰিছে । হিন্দীকে ধৰি আন কোনো ভাষাৰে ছবিৰ অনিৰ্দিষ্ট কাললৈ অসমৰ চিনেমা হলবোৰত শ্ব’ নিদিয়াৰ সিদ্ধান্ত অসম ছবিগৃহৰ কৰ্তৃপক্ষ সন্থাৰ ৷

আনহাতে, ভাৰতৰ চিনেমা বিপণনৰ প্ৰতিষ্ঠান UFO Moviez ৰ উত্তৰ-পূব ভাৰতৰ বিপণন মূৰব্বী বিষয়া সৌৰভ দত্তই জনোৱা তথ্য অনুসৰি- সমগ্ৰ অসমৰ ছবিগৃহসমূহত ৮৫ খন স্ক্ৰীণত 'ৰৈ ৰৈ বিনালে’ৰ দৈনিক মুঠ ৪৫০ টা শ্ব’ এই মুহূৰ্তলৈ বুক কৰা হৈছে । ৩১ অক্টোবৰ শুকুৰবাৰে প্ৰথম দিনাই অসমৰ ছবিগৃহত মুক্তি পোৱাৰ সমান্তৰাললৈ বহিঃৰাজ্যৰো প্ৰায় ৮৫ খন স্ক্ৰীণত ৩১ অক্টোবৰত ২০০ টা শ্ব’ চলিব ৰৈ ৰৈ বিনালে ছবিখনৰ ।

ছবিখনে মুক্তিৰ পূৰ্বেই ইতিমধ্যে অভিলেখৰ সৃষ্টি কৰিছে । সদৌ অসম ছবিগৃহৰ কৰ্তৃপক্ষ সন্থাৰ তথ্য অনুসৰি, প্ৰায় এসপ্তাহলৈ প্ৰতিটো দৰ্শনী হাউচফুল হৈ পৰিছে । এই শ্ব’ৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । তুমি মোৰ মাথো মোৰ, মিছন চাইনা, কাঞ্চনজংঘা আদি চিনেমাৰে অসমীয়া ছবি উদ্যোগত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ এই প্ৰচেষ্টা আগবঢ়াই নিছে তেওঁ অনুৰাগী তথা বন্ধুবৰ্গই । ঠায়ে ঠায়ে নিজেই কৰিছে পোষ্টাৰিং ৷ কিন্তু ৩ কোটি ৪০ লাখ জনসংখ্যা থকা ৰাজ্য অসমত এতিয়া দৰ্শকৰ সঁহাৰি অনুসৰি নাই পৰ্যাপ্ত চিনেমা হল ।

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
জুবিন গাৰ্গৰ সোঁতৰ বছৰীয়া ড্ৰীম প্ৰজেক্ট (Photo : ETV Bharat Assam)

অসমবাসীয়ে ছবিখন চাই সম্পূৰ্ণ নোহোৱালৈকে ছবিগৃহত চলি থাকিব ৰৈ ৰৈ বিনালে :

সদৌ অসম ছবিগৃহৰ কৰ্তৃপক্ষ সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই কয়, “অসমৰ প্ৰতিগৰাকী লোককে আমি এই ছবিখন চাবলৈ অনুৰোধ জনাইছো । দুখনমান হিন্দী ছবিৰ মুক্তি আছে যদিও হিন্দী ছবিক আমি অগ্ৰাধিকাৰ নিদি যেতিয়ালৈ অসমৰ ৰাইজে ছবিখন চাই শেষ নকৰে তেতিয়াকৈ আমি এই ছবিখন ছবিগৃহত চলাই থাকিম । অসমবাসীয়ে ছবিখন চাই সম্পূৰ্ণ নোহোৱালৈকে ছবিখন চলি থাকিব ৷”

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
বোৱাৰী পুৱাতে মানুহ উঠিব চিনেমাখন চাবলৈ (Photo : ETV Bharat Assam)

ৰাজ্যজোৰা আলোড়ন দেখি আশা ছবিগৃহ কৰ্তৃপক্ষৰ - পুৱা ৫ বজাতে দৰ্শকে চাব ৰৈ ৰৈ বিনালে :

অসমত প্ৰথমবাৰৰ বাবে ছবি জগতত এক ইতিহাস সৃষ্টি হ’বলৈ গৈ আছে, কাৰণ প্ৰথমবাৰৰ বাবে পুৱা চৰাইৰ মাততে ৰৈ ৰৈ বিনালে উপভোগ কৰিব দৰ্শকে । বহুসংখ্যক চিনেমা হলত পুৱা ৫ বজাৰ পৰাই আৰম্ভ হ’ব শ্ব’ ৷ অসমীয়া ছবি জগতৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহ চহৰ তেজপুৰতো পুৱা ৫ বজাত দৰ্শকে উপভোগ কৰিব বহু চৰ্চিত অসমৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ ।

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
খোল খাইছে বহু বন্ধ হৈ থকা চিনেমা হলৰ দুৱাৰ (Photo : ETV Bharat Assam)

প্ৰি-বুকিং এপত অভিলেখ গঢ়াৰ পাছতে ৰৈ ৰৈ বিনালেৰ টিকটৰ মূল্য বৃদ্ধি হৈছিল যদিও পিছত এই সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ । তাৰ মাজতে তেজপুৰত ১ নৱেম্বৰত আই এম পি ছবিগৃহত পুৱা ৮ বজাৰ দৰ্শনী সকলোৰে বাবে উপলব্ধ হ’ব মাত্ৰ ৯৯ টকাত । তেজপুৰ চহৰৰ মুঠ পাঁচটা ছবিগৃহত আগন্তুক ৩১ অক্টোবৰৰ পুৱা ৫ বজাত দৰ্শকৰ বাবে মুকলি হ'ব জুবিন গাৰ্গৰ হেঁপাহৰ ছবিখন ।

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
’গণেশ টকীজ’ৰ টিকট কাউণ্টাৰটো আকৌ খোল খাব (Photo : ETV Bharat Assam)

তেজপুৰ আই এম পি ছবিগৃহৰ পৰিচালক চম্পক দাসে কয়, "আমি বৰ্তমানলৈকে সৰ্বমুঠ ১৫ টা দৰ্শনী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, বৰ্তমান অহা ৬ নৱেম্বৰলৈকে সকলো দৰ্শনীৰ বুকিং শেষ হৈছে । আমাৰ প্ৰথম দৰ্শনী পুৱা ৫:০০ বজাত মুকলি কৰিম ৷ তাৰ পূৰ্বে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব । এই ছবিগৃহলৈ জুবিন দা যেতিয়া আহিছিল তেতিয়া তেওঁ নিজ হাতেৰে দুটা স্বাক্ষৰ কৰি গৈছিল । এখন গীটাৰত তেওঁ স্বাক্ষৰ কৰিছিল, সেয়া আমি ছবিগৃহত সংৰক্ষণ কৰি ৰাখিছো ।” দাসে লগতে কয়, “আমি দৰ্শনী পুৱাৰ পৰা আৰম্ভ কৰিম আৰু নিশা ২ বজাত শ্ব’ সমাপ্ত হ'ব ।”

বন্ধ হৈ থকা চিনেমা হল মুকলি :

দৰ্শকৰ আগ্ৰহলৈ লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডত পূৰ্ণ প্ৰস্তুতি চলিছে বিগত ৬ বছৰে বন্ধ হৈ থকা ‘গণেশ টকীজ’ নামৰ ছবিঘৰটো পুনৰ মুকলি কৰাৰ । ৰাজ্যৰ আন আন ছবিগৃহসমূহৰ লগতে ৩১ অক্টোবৰৰ দিনাই পুনৰ সাজু কৰি তোলা ছবিগৃহটোত 'ৰৈ ৰৈ বিনালে’ মুক্তি দিয়া হ’ব ৷

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
চলি আছে পোষ্টাৰিঙৰ কাম (Photo : ETV Bharat Assam)

অসমীয়া ছবিৰ দুৰৱস্থাৰ বাবে প্ৰায় বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল গণেশ টকীজ । তেনে সময়তে ২০২০ ত ক’ভিড মহামাৰী অহাৰ পিছতেই স্থায়ীভাৱে তলা লাগিছিল গণেশ টকীজত । ৬ বছৰ ধৰি বন্ধ হৈ আছিল চিনেমা হলটো । এই সন্দৰ্ভত ছবি গৃহটোৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক ক'লে, “জাগীৰোডৰ এই ছবি ঘৰ 'গণেশ টকীজ' ক’ভিডৰ লকডাউনৰ সময়ৰে পৰা বন্ধ হৈ আছিল । ৰৈ ৰৈ বিনালে চিনেমাখনৰ কাৰণে ৰাইজৰ অনুৰোধত আকৌ আৰম্ভ কৰিবলৈ ওলাইছো । সেয়ে চাফ-চিকূণ কৰাৰ লগতে যন্ত্ৰাংশ পৰীক্ষা -নিৰীক্ষা কৰি থকা হৈছে ৷”

how zubeen garg's last film roi roi binale is rewriting assamese cinema history
বিগত ৬ বছৰে বন্ধ হৈ থকা ‘গণেশ টকীজ’ সাজু হৈছে (Photo : ETV Bharat Assam)

জানিব পৰা মতে, ৩১ অক্টোবৰত নহ’লেও দুই-এদিনৰ ভিতৰতে গণেশ টকীজ দৰ্শকৰ বাবে মুকলি কৰা হ'ব । ৬ বছৰ বন্ধ হৈ থকাৰ পিছত বিভাগীয় নথি-পত্ৰ সাজু কৰাৰ বাবে দুদিন হয়তো পলম হ’ব গণেশ টকীজত শ্ব’ আৰম্ভ কৰাত ।

নলবাৰী টিহুত নতুন ছবিগৃহ মুকলি :

আনহাতে, নলবাৰী জিলাৰ টিহুত অসম চৰকাৰ আৰু ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ উদ্যোগত ৰৈ ৰৈ বিনালে ছবিখনক উপলক্ষ্য কৰি গান্ধী ভৱন নামেৰে এটা ছবি গৃহ তথা ৰাজহুৱা ভৱন মুকলি কৰা হৈছে বুধবাৰে । ৩১ অক্টোবৰৰ পৰা ৰৈ ৰৈ বিনালেৰ শ্ব’ আৰম্ভ হ’ব গান্ধী ভৱনত ৷ এক কথাত ৩১ অক্টোবৰৰ বাবে সাজু ৰাজ্যৰ সকলো চিনেমা হল । সাজু দৰ্শক ৷ সাজু জুবিন গাৰ্গৰ লক্ষ লক্ষ অনুৰাগী ৷

লগতে পঢ়ক : ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা, চাবলে আহিবা ৷ 'মৰম' জুবিন দা...