শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কৰ হত্যাকাণ্ডৰ ৩ অভিযুক্তক বিহাৰত গ্ৰেপ্তাৰ, তেৰ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ
কলকাতাৰ সমীপৰ বাল্লীৰ এটা টোল বুথত কৰা ইউপিআই পেমেণ্টৰ তথ্য অনুসৰণ কৰি পশ্চিমবংগ এছটিএফে বিহাৰত অভিযান চলাই ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।
Published : May 11, 2026 at 3:27 PM IST
পাটনা:পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযোগত পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে দেওবাৰে নিশা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ বিশেষ তদন্তকাৰী দলে অভিযান চলাই বিহাৰৰ বক্সাৰ জিলাৰ পৰা অভিযুক্তকেইটাক আটক কৰে ৷ বিশেষ তদন্তকাৰী দলে তেওঁলোকক বংগলৈ আনি বাৰাছত আদালতত হাজিৰ কৰা হয় আৰু আদালতে তিনিওকে তেৰ দিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰিছে ৷
বিহাৰ আৰক্ষী বিষয়াসকলে জনোৱা মতে, চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী বিষয়াৰ এটা দলে মুফুছিল, নৱনগৰ আৰু ছিক্ৰাউল থানা এলেকাত অভিযান চলাই চাৰিজন লোকক আটক কৰে ৷ ইয়াৰে এজনক সোধা-পোছাৰ পাছত মুকলি কৰি দিয়াৰ বিপৰীতে আন তিনি অভিযুক্তক পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে নিজৰ লগত বংগলৈ লৈ যায় ৷ অভিযুক্ত তিনিটা ক্ৰমে বিশাল শ্ৰীবাস্তৱ, মায়ংক মিশ্ৰ আৰু বিকি মৌৰ্য বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰা হোৱা নাই ৷
বক্সাৰ আৰক্ষী অধীক্ষক শুভম আৰ্যই কয়, "পশ্চিমবংগ আৰক্ষীৰ এটা দল বক্সাৰত উপস্থিত হয় । অভিযানৰ সময়ত বিশাল শ্ৰীবাস্তৱ নামৰ এজন অভিযুক্তক আটক কৰি ৰখা হয় । আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক লগত লৈ যায় । এই গোচৰত স্থানীয় আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে ।"
বিশাল শ্ৰীবাস্তৱৰ বিৰুদ্ধে কেৱল বক্সাৰতে হত্যা, ডকাইতি, অপহৰণ, অবৈধ অস্ত্ৰ ৰখাকে ধৰি ২২টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে ৷ বক্সাৰ জিলাৰ মুফুছিল থানা এলেকাৰ অন্তৰ্গত পাণ্ডেয়পট্টি গাঁৱৰ পৰা বংগ আৰক্ষীৰ এটা দলে তেওঁক আটক কৰে ৷
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বংগ আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা আন কেইবাজনো সন্দেহযুক্ত লোকক আটক কৰিছে ৷ তেওঁলোকে লগতে কয় যে কলকাতাৰ সমীপৰ বাল্লীৰ এটা টোল বুথত মায়ংকে কৰা ইউপিআই পেমেণ্টৰ তথ্য অনুসৰণ কৰি এই অভিযান চলোৱা হয় ৷ মোবাইল লোকেচন ডাটা আৰু চিচিটিভি ফুটেজৰ পৰাও সহায় লোৱা হয় ।
পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোহৰীয়া ক্ৰছিঙৰ সমীপত ৬ মে’ত ৰথক গুলীয়াই হত্যা কৰা হৈছিল ৷ ৰথে ঘৰলৈ আহি থকা অৱস্থাত নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা ৷ ঘৰৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত থকা সময়তে তেওঁক গাড়ীৰ ভিতৰত গুলীয়াই হত্যা কৰা হয় ৷ এই আক্ৰমণত তেওঁৰ চালক বুদ্ধদেৱ বেৰাও গুৰুতৰভাৱে আহত হয় আৰু তেওঁ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
ভাৰতীয় জনতা পাৰ্টীয়ে এই হত্যাকাণ্ডক ‘ৰাজনৈতিক হত্যাকাণ্ড’ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে ৷ বায়ুসেনাৰ প্ৰাক্তন বিষয়া ৰথে বিগত দুটা দশক ধৰি শুভেন্দু অধিকাৰীৰ সৈতে ব্যক্তিগত সহায়ক হিচাপে কাম কৰি আহিছিল ৷ বিহাৰ বিশেষ টাস্ক ফ’ৰ্চৰ সঞ্চালক প্ৰধান কুণ্ডন কৃষ্ণনে ইটিভি ভাৰতক কয়, "পশ্চিমবংগ আৰক্ষীয়ে জিম্মাত লোৱা লোকসকলৰ ভিতৰত এজন হৈছে বিশাল ৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত তথ্য আছে, কিন্তু এই বিশেষ কাণ্ডত তেওঁৰ বিৰুদ্ধে কি প্ৰমাণ আছে আমি নাজানো ৷ এইটো এটা হাই-প্ৰফাইল গোচৰ আৰু আমি আৰু কোনো মন্তব্য নকৰো ৷"
ইফালে বিহাৰৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে বিশাল প্ৰথমতে অস্ত্ৰ সৰবৰাহত জড়িত আছিল আৰু পাছত ‘কণ্টেক্ট কিলাৰ’ হিচাপে কাম কৰিছিল ৷