ETV Bharat / politics

শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা, তৃণমূল কংগ্ৰেছলৈ সন্দেহৰ আঙুলি

শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা চন্দ্ৰনাথ ৰথক মটৰ চাইকেলেৰে অহা আক্ৰমণকাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

SUVENDU ADHIKARI PA KILLED
শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা (ani)
author img

By ETV Bharat Assamese Team

Published : May 7, 2026 at 7:03 AM IST

3 Min Read
Choose ETV Bharat

কলকাতা: পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে ৷ এই হত্যাকাণ্ডৰ ফলত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায় ।

উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোলতালা অঞ্চলৰ দোহৰিয়াত বিজেপি নেতা তথা বিধায়ক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰথক মটৰ চাইকেলেৰে অহা আক্ৰমণকাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

প্ৰাথমিক তথ্য অনুসৰি আক্ৰমণকাৰীয়ে ৰথৰ গাড়ীখনৰ পিছে পিছে গৈ হঠাৎ গাড়ীখন আগভেটি ধৰি খিৰিকীৰে গুলী চলায় আৰু আক্ৰমণ সংঘটিত কৰিয়েই পলায়ন কৰে । সেইসময়ত ড্ৰাইভাৰৰ কাষৰ সন্মুখৰ চিটত বহি আছিল চন্দ্ৰনাথ ৰথ । তেওঁৰ চালকজনো এই গুলীচালনাৰ ঘটনাত আহত হয় ৷ বৰ্তমান তেওঁ কলকাতাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি গুলীচালনাত ৰথ গুৰুতৰভাৱে আহত হয় আৰু তেওঁক ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ বিজেপিৰ অফিচিয়েল মিডিয়া চেনেলে প্ৰকাশ কৰে এই তথ্য ।

চিকিৎসালয়ৰ চিকিৎসকে কয়, ‘‘বুকুত একাধিক গুলীৰ আঘাত লাগে, গুলীয়ে তেওঁৰ হৃদযন্ত্ৰ ভেদি যায়, আন এটা গুলীয়ে পেটত আঘাত কৰে ৷ তেওঁক অতি সংকটজনক অৱস্থাত অনা হয়, জীৱনদান দিয়াৰ কোনো সুযোগ নাছিল ।’’

দলীয় সূত্ৰৰ মতে, ভৱানীপুৰ সমষ্টিত অধিকাৰীৰ প্ৰচাৰত ৰথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এই সমষ্টিত বিজেপি নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে জয়লাভ কৰে ।

স্থানীয় এটা সংবাদ মাধ্যমক দিয়া এক বিবৃতিত চিকিৎসালয়খনত উপস্থিত থকা বিজেপি নেতা তথা নিৰ্বাচিত বিধায়ক কৌস্তৱ বাগচিয়ে কয়, "এয়া আছিল লক্ষ্যভিত্তিক আক্ৰমণ । আক্ৰমণকাৰীয়ে ৰথৰ গাড়ীখন বহু সময় ধৰি অনুসৰণ কৰি গুলীচালনা কৰিছিল । এয়া মমতা আৰু অভিষেক বেনাৰ্জীৰ কাম । অপৰাধী চিনাক্ত নোহোৱালৈকে আমি জিৰণি নলওঁ । তেতিয়ালৈকে আমি মৃতদেহটো দাহ নকৰোঁ ।"

বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক তৰুণজ্যোতি তেৱাৰীয়ে কয়, ‘‘আমি শান্তিৰে প্ৰচাৰ কৰি আহিছো, কিন্তু টিএমচিয়ে আটাইতকৈ ডাঙৰ ভুল কৰিছে ।’’ এই ঘটনাৰ খবৰ দ্ৰুতগতিত বিয়পি পৰাত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত অঞ্চলটোত বৃহৎ আৰক্ষী দল মোতায়েন কৰা হয় । ঘটনাস্থলীত উপস্থিত হৈ জ্যেষ্ঠ আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰে । সূত্ৰই জনোৱা মতে, আক্ৰমণকাৰীক চিনাক্ত কৰি আক্ৰমণৰ আঁৰৰ উদ্দেশ্য নিৰ্ণয় কৰাৰ প্ৰচেষ্টা চলি আছে ।

এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । পশ্চিম বংগত বিজেপিয়ে ঐতিহাসিক বিজয় নিশ্চিত কৰাৰ পাছতে মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে শুভেন্দু অধিকাৰী । ২০২১ চনৰ নন্দীগ্ৰামৰ কাহিনীৰ পুনৰাবৃত্তি কৰি শুভেন্দু অধিকাৰীয়ে ভৱানীপুৰত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰাস্ত কৰিছিল ।

বংগ বিধানসভাৰ নিৰ্বাচনত ২০৭খন আসনেৰে চমকপ্ৰদ জয়লাভ কৰা বিজেপিয়ে চৰকাৰ গঠনৰ পৰিকল্পনাত আগবাঢ়িছে । এয়া হ’ব বংগৰ প্ৰথমখন বিজেপি চৰকাৰ । তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসন লাভ কৰি ৰাজ্যখনত ১৫ বছৰীয়া শাসনৰ অন্ত পেলাইছিল ।

লগতে পঢ়ক: নিৰ্বাচনোত্তৰ হিংসাৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ