অসম

assam

ETV Bharat / international

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু

বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেত্ৰী বেগম খালেদা জিয়াৰ ৮০ বছৰ বয়সত দেহাৱসান ঘটে ৷

Former Bangladesh Prime Minister Begum Khaleda Zia passed away at 80
বেগম খালেদা জিয়াৰ মৃত্যু (ANI)

By ANI

Published : December 30, 2025 at 7:48 AM IST

Updated : December 30, 2025 at 9:04 AM IST

ঢাকা (বাংলাদেশ) : মঙলবাৰে পুৱাই আহিল এটা বেয়া খবৰ ৷ বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়া আৰু নাই ৷ বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে (বি এন পি) মতে, মঙলবাৰে পুৱা প্ৰায় ৬ বজাত (স্থানীয় সময় অনুসৰি) ঢাকাৰ এখন চিকিৎসালয়ত মৃত্যু হয় খালেদা জিয়াৰ । মৃত্যুৰ সময়ত বিএনপি নেত্ৰী খালেদা জিয়াৰ বয়স আছিল ৮০ বছৰ ।

বিগত ২৩ নৱেম্বৰত সংকটজনক অৱস্থাত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল খালেদাক । তেতিয়াৰ পৰা এমাহৰো অধিক সময় ধৰি চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে খালেদা । বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী দীৰ্ঘদিন ধৰি বৃক্ক আৰু যকৃতৰ লগতে বিভিন্ন আনুষংগিক ৰোগতো আক্ৰান্ত হৈ আছিল ।

পূৰ্বতে চিকিৎসকে উল্লেখ কৰা মতে, বৃক্কৰ কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল খালেদাৰ ৷ ফলত তেওঁৰ নিয়মীয়া ডায়েলাইছিছ চলি আছিল । তেওঁৰ দেহত "এওৰ্টিক ভালভ" সমস্যাও ধৰা পৰিছিল । চিকিৎসকে বহু চেষ্টা কৰিও বচাব নোৱাৰিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক ৷

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে খালেদা জিয়াই ৷ সোমবাৰে নিশা খালেদাৰ অৱস্থাৰ অধিক অৱনতি ঘটে আৰু মঙলবাৰে পুৱাই চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বেগম খালেদা জিয়াৰ ৷

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু (PTI)

জানিব পৰা মতে, চলিত মাহৰ আৰম্ভণিতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অসুস্থতাৰ উন্নত চিকিৎসাৰ বাবে লণ্ডনলৈ প্ৰেৰণ কৰা হৈছিল ।আনকি ২ ডিচেম্বৰত চীনৰ পৰা ৫ জনীয়া চিকিৎসক এটা দল খালেদাৰ চিকিৎসাৰ বাবে ঢাকাত উপস্থিত হয় । তাৰে দুদিন পিছতে বাংলাদেশত উপস্থিত হয় আন এটা ৪ জনীয়া চীনৰ চিকিৎসকৰ দল । ব্ৰিটেইনৰ পৰা অহা বিশেষজ্ঞৰ এটা দলেও চীনৰ চিকিৎসকসকলৰ সৈতে মিলি খালেদাৰ স্বাস্থ্য উন্নত কৰাৰ চেষ্টা কৰে ৷

কিন্তু তেওঁৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল । ১১ ডিচেম্বৰৰ দিনা ভেণ্টিলেটৰো বদলি কৰা হয় । শনিবাৰে মাজনিশা চিকিৎসক এজেএম জাহিদে কয় যে বিএনপি নেতাজনৰ শাৰীৰিক অৱস্থা অতি সংকটজনক । দেওবাৰে নিশাও তেওঁৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল ।

ইফালে ১৭ বছৰীয়া আত্মনিৰ্বাসনৰ অন্ত পেলাই খালেদা জিয়াৰ পুত্ৰ তথা বি এন পিৰ নেতা তাৰিক ৰহমানে ২৫ ডিচেম্বৰত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহে ৷ গৃহভূমি ভৰি থৈয়ে তেওঁ চিকিৎসাধীন হৈ থকা মাতৃৰ কাষলৈ যায় ৷

দীৰ্ঘদিন চিকিৎসা কৰি থকাৰ পাচতো সুস্থ হৈ নুঠা খালেদায় যেন পুত্ৰৰ বাবেই অপেক্ষা কৰি আছিল ৷ অৱশেষত জীৱন যুঁজত হাৰ মানি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই ৷

লগতে পঢ়ক :১৭ বছৰ আত্মনিৰ্বাসনৰ অন্তত বাংলাদেশী ভোটাৰ হিচাপে নাম পঞ্জীয়ন বি এন পিৰ তাৰিক ৰহমানৰ

লগতে পঢ়ক :ভেণ্টিলেটৰেই ভৰসা; একালৰ প্ৰবল প্ৰতাপী প্ৰধানমন্ত্ৰীয়ে এতিয়া যুঁজিছে জীৱনৰ যুঁজ

লগতে পঢ়ক :বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ চিকিৎসাত অংশগ্ৰহণ ব্ৰিটেইনৰ চিকিৎসা দলৰ

Last Updated : December 30, 2025 at 9:04 AM IST