অসম

assam

অবৈধ কয়লা খননৰ বিৰুদ্ধে তুলিৰাম ৰংহাঙক স্মাৰকপত্র প্রদান কার্বি ছাত্ৰ সন্থাৰ

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 1:18 PM IST

ডিফু, ১২ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ বিভিন্ন প্রান্তত দীর্ঘদিন ধৰি অবৈধভাৱে কয়লাৰ ব্যবসায় চলি আছে । এই অভিযোগ এএছডিচি যুৱ মৰ্চা আৰু কার্বি ছাত্র সন্থাৰ । সোমবাৰে এএছডিচি যুৱ মৰ্চা আৰু কার্বি ছাত্র সন্থাই ডিফুত আয়োজন কৰা এক যুটীয়া সংবাদমেলত আয়োজন কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক এই অবৈধ কয়লা খনন বন্ধ কৰিবলৈ দাবী জনাইছে ।  

এএছডিচি যুৱ মৰ্চা আৰু কার্বি ছাত্র সন্থাই ইয়াৰ এক উচিত তদন্ত কৰিবলৈ এখন স্মাৰকপত্র প্রদান কৰা বুলি এএছডিচি যুৱ মৰ্চাৰ সভাপতি প্ৰেমচন বে'ই কয় ৷ এএছডিচি যুৱ মৰ্চাৰ সভাপতি প্ৰেমচন বে'ই সংবাদমেলত কয় যে কার্বি আংলং জিলাৰ চিলনীজান, ডিলাই, বিথিফাং, লাংমিলি, ডিছ'বাই, ক্লৰডং আদি অঞ্চলত অবাধ হাৰত কয়লাৰ খনন আৰু চোৰাং বেহা চলি আছে । এনে অবৈধ খননৰ ফলত পাৰিপার্শ্বিকলৈ ভাবুকি আহি পৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বৃহৎ পৰিমাণৰ ৰাজহৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে ।  

কয়লা খননৰ বাবে বহু নথিপত্র আৰু প্রয়োজনীয় অনুমতিৰ আৱশ্যকতাৰ কথা উল্লেখ কৰি কোনো ধৰণৰ বৈধ নথিপত্র অবিহনে কোনে আৰু কেনেকৈ এই অবৈধ ব্যবসায় চলাই আহিছে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছে ছাত্র সংগঠনটোৱে । 

 লগতে পঢ়ক:15 মাহে দৰমহা নাই শিক্ষকৰ, কার্বি ছাত্ৰ সন্থাৰ আন্দোলনৰ হুংকাৰ

ABOUT THE AUTHOR

...view details