অসম

assam

ডুমডুমাত ৭০০০ পৰিয়ালক মুখ্যমন্ত্ৰীৰ ভূমি পট্টা বিতৰণ; ৮০ কোটিৰ বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:32 PM IST

ডুমডুমাত মুখ্যমন্ত্ৰীৰ ভূমি পট্টা বিতৰণ

তিনিচুকীয়া, ২৩ ফেব্ৰুৱাৰী :  অসম চৰকাৰৰ খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান আঁচনিৰ অধীনত মিছন বসুন্ধৰা ১.০-ৰ সমাপ্তিৰ পিছত এইবাৰ আৰম্ভ হৈছে মিছন বসুন্ধৰা ২.০ । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ অধীনত ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীনক ভূমি পট্টা প্ৰদানৰ কাম আৰম্ভ হৈছে । শুকুৰবাৰে বিয়লি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ২.০-ৰ অধীনত ডুমডুমা বিধানসভা সমষ্টিত ভূমি পট্টা প্ৰদান কৰে । 

সমষ্টিটোৰ প্ৰায় ৭০০০ পৰিয়ালক মিছন বসুন্ধৰা ২.০-ৰ অধীনত ভূমি পট্টা প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, প্ৰায় ৮০ কোটি টকা ব্যয়সাপেক্ষে ডুমডুমা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰো মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে । 

মুখ্যমন্ত্ৰীৰ সৈতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা আয়ুক্ত স্বপনীল পালৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :ধলাত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details