অসম

assam

২৩ মে'ৰ পৰা দুলীয়াজানত আৰম্ভ সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:05 PM IST

মৰাণ, ২৩ ফেব্ৰুৱাৰী: দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহত অহা ২৩ মে'ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৪ ৰ্থ সংখ্য়ক সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপ । অহা ২৫ মে'লৈ চলিবলগীয়া এই প্ৰতিযোগিতাখনিত ৰাজ্য়ৰ লগতে দেশৰ তিনি শতাধিক পাঞ্জা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । দুলীয়াজান সাহিত্য সভাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত বৈঠকৰ পাচতেই অসম পাঞ্জা সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে এখন সংবাদমেলত এই বিষয়ে সদৰী কৰে ।

অসম পাঞ্জা সন্থাৰ সভাপতি আদিত্য গোস্বামীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে দুলীয়াজান সাহিত্য সভাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে নিশালৈকে অনুষ্ঠিত বৈঠক উক্ত সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপ আয়োজনৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হৈছে । লগতে অসমৰ খেলুৱৈসকলেও ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে অসম পাঞ্জা সন্থাৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ABOUT THE AUTHOR

...view details