অসম

assam

কাছাৰৰ দুই স্থানত জব্দ 1.8 কেজি হেৰ’ইন - DRUGS SEIZED IN CACHAR

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:24 PM IST

ড্ৰাগছ জব্দ (ইটিভি ভাৰত অসম)

শিলচৰ, 5 মে’ : আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ সময়তে কাছাৰত ন ন পন্থা অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা অপৰাধীৰ ৷ বাইকৰ টিউব আৰু বলেৰ’ৰ টেংকীত সৰবৰাহ হেৰ’ইন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কাছাৰৰ ধলাই আৰু লক্ষীপুৰত জব্দ কৰা হৈছে 1.8 কেজি হেৰ’ইন ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে ধলাই থানাৰ সম্মুখত চুবুৰীয়া এখন ৰাজ্যৰ পৰা অহা এখন বলেৰ’ বাহনত তালাচী চলাই বাহনখনৰ তেলৰ টেংকীৰ পৰা জব্দ কৰে 74 টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজিবুল ইছলাম নামৰ এক সৰবৰাহকাৰীক ৷

এই অভিযানৰ পাছত আৰক্ষীয়ে লক্ষীপুৰত আন এক অভিযান চলায় ৷ এখন বাইকত তালাচী চলাই আৰক্ষীয়ে বাইকখনৰ টিউবৰ ভিতৰৰ পৰা জব্দ কৰে 55 টা হেৰ’ইন ভৰ্তি চাবোন বাকচ ৷ এই ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শামিম হুছেইন নামৰ এক সৰবৰাহকাৰীক ৷ পৃথক পৃথককৈ চলা কাছাৰ আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে প্ৰায় 1.8 কেজি হেৰ’ইন ৷ যাৰ বজাৰ মূল্য 9 কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কাছাৰত জব্দ কোটি টকাৰ হেৰ’ইন - Drugs Seized In Cachar

ABOUT THE AUTHOR

...view details