অসম

assam

আলফা (স্বা)ৰ এম্বুশ্বৰ সৈতে জড়িত তিনিজনক আটক : হাবিতেই এৰি গৈছিল সতীৰ্থ কেডাৰৰ মৃতদেহ - ULFA I ambush

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 10:26 PM IST

ULFA I ambush: মাৰ্ঘেৰিটাত আসাম ৰাইফলছৰ কনভয়ত আলফা স্বাধীনৰ এম্বুশ্বৰ সৈতে জড়িত তিনিজনক আটক ৷ আসাম ৰাইফলছৰ গুলীত এজন আলফা স্বাধীনৰ কেডাৰ নিহত হোৱাৰ লগতে তিনিজন কেডাৰ আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী আৰক্ষীৰ ৷

ULFA I ambush on Assam rifles
ULFA I ambush

আলফা স্বাধীনৰ এম্বুশ্বৰ সৈতে জড়িত তিনিজনক আটক

তিনিচুকীয়া, ২৪ এপ্ৰিল: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ চাংলাং পথৰ নামদাঙৰ পাহাৰী পথত যোৱা ১৬ এপ্ৰিলত পুৱা আসাম ৰাইফলছৰ তিনিখনকৈ বাহনৰ ওপৰত আলফা স্বাধীনে সংঘটিত কৰিছিল এক ভয়ংকৰ এম্বুশ্ব ৷ এই এম্বুশ্বটোত দুয়োপক্ষৰ মাজত এক ভয়ানক গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ লগতে এম্বুশ্বটোত আসাম ৰাইফলছৰ এগৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছিল । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ সেনা বাহিনীৰ হেলিকপ্তাৰ উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ লগতে আৰক্ষী, আসাম ৰাইফলছৰ বৃহৎ দল উপস্থিত হৈ অব্যাহত ৰাখে আলফা স্বাধীনৰ দলটোৰ বিৰুদ্ধে অভিযান ৷

বুধবাৰে এম্বুশ্বৰ ৮ টাকৈ দিনৰ পাছত আৰক্ষী আৰু আসাম ৰাইফলছৰ যুটীয়া অভিযানত উক্ত এম্বুশ্ব সংঘটিত কৰা আলফা স্বাধীনৰ দলটোৰ স’তে জড়িত থকা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ৷ ধৃত তিনি ক্ৰমে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নিবাসী মানখুল মচাং (২৮ বছৰ), মানং মচাং (৩৯ বছৰ) আৰু জনৱাংগ হাকুমক (২১ বছৰ) ৷

ইতিমধ্যে তিনিওকে গ্ৰেপ্তাৰ কৰিও অধিক তথ্যৰ সন্ধানত জেৰাৰ বাবে ৫ দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি তিনি যুৱকে আলফা স্বাধীনৰ দলটোক খাদ্য যোগান ধৰা, আৰক্ষী-আসাম ৰাইফলছৰ গতিবিধি অৱগত কৰাৰ লগতে এম্বুশ্ব কৰাৰ পাছত দলটোক পলায়ন কৰাত সহায় কৰিছিল ৷ ইফালে, উক্ত এম্বুশ্বৰ সময়ত আসাম ৰাইফলছৰ গুলীত এজন আলফা স্বাধীনৰ কেডাৰ নিহত হোৱাৰ লগতে আন তিনিজন কেডাৰ আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আৰক্ষীৰ মতে নিহত কেডাৰগৰাকীৰ মৃতদেহ জংঘলতেই এৰি যোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত তিনিগৰাকী সদস্যই ম্যানমাৰস্থিত সংগঠনটোৰ শিৱিৰলৈ গমন কৰে ৷ তাৰ বিপৰীতে আলফা স্বাধীনৰ দলটোৰ বাকীসমূহ কেডাৰ সৰু সৰু দলত বিভক্ত হৈ জংঘলতেই আত্মগোপন কৰি আছে আৰু সেইসমূহ কেডাৰৰ বিৰুদ্ধে আৰক্ষী আৰু আসাম ৰাইফলছৰ দলে অভিযান অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকজনে ৷

সমান্তৰালভাৱে নিহত কেডাৰজনৰ মৃতদেহৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু মৃতদেহ উদ্ধাৰ হ’লে পৰিয়ালক চমজাই দিব বুলি আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে অৱগত কৰে ৷

লগতে পঢ়ক:মাৰ্ঘেৰিটাত অসম ৰাইফলছৰ বাহনত উগ্ৰপন্থীৰ আক্ৰমণ; আলফা(স্বা)ৰ দায়িত্ব স্বীকাৰ - Militants Ambush

ABOUT THE AUTHOR

...view details