অসম

assam

15 মাহে দৰমহা নাই শিক্ষকৰ, কার্বি ছাত্ৰ সন্থাৰ আন্দোলনৰ হুংকাৰ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:16 PM IST

Karbi Students Association : কাৰ্বি ছাত্ৰ সন্থাৰ ছেমছনে গোটৰ সংবাদমেল ৷ সংবাদমেলত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ 191 গৰাকী টেট শিক্ষক আৰু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকে 12ৰ পৰা 15 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ তীব্ৰ আন্দোলনৰ হুংকাৰ ৷

Karbi Students Association
কার্বি ছাত্ৰ সন্থাৰ আন্দোলনৰ হুংকাৰ

ডিফু, 12 ফেব্ৰুৱাৰী : সোমবাৰে বিয়লি ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ ছেমছনে গোটে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ 191 গৰাকী টেট শিক্ষক আৰু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকে 12ৰ পৰা 15 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিভিন্ন সময়ত ৰাজহুৱাভাবে টেট শিক্ষকসকলৰ দৰমহাৰ বিষয়টো সমাধান হোৱা বুলি বক্তব্য প্ৰদান কৰি আহিছে যদিও 191 গৰাকী টেট শিক্ষকে বর্তমানলৈকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি কয় কেএছএ নেতা ছনাচিং ৰংপিয়ে ৷ এই সন্দর্ভত সংবাদমেলত তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে ৷

কাৰ্বি ছাত্ৰ সন্থাৰ ছেমছনে গোটৰ সংবাদমেল

সংবাদমেল যোগে ছাত্ৰ সংগঠনটোৱে কয় যে, বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ত্ৰিপল ইঞ্জিনৰ চৰকাৰৰ দিনত জিলাখনৰ শিক্ষাখণ্ডত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে বুলি দাবী কৰি আহিছে ৷ কিন্তু ইয়াৰ বিপৰীতে পৰিষদৰ অধীনৰ 191 গৰাকী টেট শিক্ষক আৰু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক বিগত 15 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা কথাটোৱে জিলাখনৰ শিক্ষাখণ্ডৰ দুৰৱস্থা উদঙাই দিয়া বুলি দাবী কৰে সংগঠনটোৱে ৷ ছাত্ৰ সংগঠনটোৱে সংবাদমেল যোগে কয় যে, শিক্ষকসকল যদি দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয় তেনেহ'লে তেওঁলোকে ছাত্ৰ-ছাত্ৰীক কিদৰে পাঠদান কৰিবলৈ সক্ষম হ'ব ৷

বিজেপি নেতৃত্বাধীন পৰিষদখনে মেলে-মিটিঙে আমূল পৰিৱর্তন হোৱা বুলি দাবী কৰি অহাৰ কথা উল্লেখ কৰি ছাত্ৰ সংগঠনটোৱে কয় যে শিক্ষাখণ্ডত এইদৰে শিক্ষকসকলক মাহ মাহ ধৰি বেতন দিব নোৱৰা কথাই তেওঁলোকৰ পৰিৱর্তনৰ স্বৰূপ উদঙাই দিছে ৷ শিক্ষা অবিহনে এখন সমাজ বা এটা জাতি আগুৱাই যাব নোবাৰে বুলি উল্লেখ কৰি দীর্ঘদিন ধৰি জিলাখনৰ শিক্ষকসকল এনেদৰে দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ কিছুদিন পূৰ্বে গীলছন ডেৰা নামৰ এগৰাকী দৰমহা বঞ্চিত টেট শিক্ষকে কৰুণভাবে প্ৰাণ বিসর্জন দিব লগীয়া প্ৰসংগ উল্লেখ কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক অতি শীঘ্ৰে বিষয়টো সমাধান কৰিবলৈ আহ্বান জনায় ৷ অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :নলবাৰীত ২১ গাঁ‌ওপ্ৰধানৰ ১৯ জনেই বিজেপি কৰ্মী

ABOUT THE AUTHOR

...view details