অসম

assam

বান পৰিস্থিতিৰে মোকাবিলাৰ প্ৰস্তুতি সভা নগাঁও জিলা প্ৰশাসনৰ

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 10:15 PM IST

Assam Flood: বাৰিষাৰ পূৰ্বেই সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ নগাঁও জিলা প্ৰশাসন । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বান মোকাবিলাৰ প্ৰস্তুতি সভা ।

Nagaon Flood
নগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি সভা

নগাঁও, 20 ফেব্ৰুৱাৰী: আগন্তক বাৰিষাৰ পূৰ্বেই নগাঁও জিলাৰ সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈছে নগাঁও জিলা প্ৰশাসন । ২০২৪ বৰ্ষৰ বাবে জিলাখনৰ সাম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যেই মঙলবাৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত কৰে নগাঁও জিলা প্ৰশাসনে ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত আগন্তক বানৰ ফলত হ'ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ'ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।

বৈঠকত বান সাহাৰ্য শিবিৰৰ উপলব্ধতা, সাহাৰ্য শিবিৰত খোৱাপানী, বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয় । ইয়াৰোপৰি বানৰ পিচত বানাক্ৰান্ত এলেকাসমূহত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবেও স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ।

অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে লাইফ জেকেট, ৰবৰৰ নাও উপলব্ধতা বিষয়েও বৈঠকত আলোচনা কৰা হয় । আয়ুক্তগৰাকীয়ে বানৰ আগত, বানৰ সময়ত আৰু বানৰ পিচত ল’বলগীয়া বা সম্পাদন কৰিবলগীয়া কাৰ্যকলাপৰ বিষয়ে সভাক বিশেষভাৱে অৱগত কৰে । ইয়াৰ লগতে বৈঠকত পশুখাদ্য উপলব্ধতা বিষয়েও আলোচনা কৰা হয় ।

বৈঠকত আন বহুতো সম্পৰ্কিত বিষয়ৰ লগতে বানৰ সময়ত গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মাতৃ আৰু নৱজাতক শিশুসকলৰ সমস্যা দূৰ কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰা হয় । বৈঠকত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উপস্থিত সকলোকে বানৰ সময়ত সক্ৰিয় হৈ থকাৰ লগতে বানৰ পাছত বানপীড়িত সকলৰ পুনঃ সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান সংশ্লিষ্ট বিভাগৰ মুৰব্বী সকলক ক্ষতিসাধন হোৱা দিনাই জনাবলৈ নিৰ্দেশ প্ৰদান কৰে ।

তেওঁ লগতে বান আক্ৰান্তসকলক মানসম্পন্ন সেৱা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া বিজয়ন্ত গোস্বামীয়ে বানৰ প্ৰস্তুতি স্ক'ৰকাৰ্ড দাখিলৰ লগত সংগতি ৰাখি বানৰ সময়ত বিভিন্ন সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাৰ বিস্তৃত বাখ্যা দাঙি ধৰে ।

বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত তথা নগাঁও দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিছ ভি. এল. এইছ. হ্ৰংচাল, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা, চক্ৰ বিষয়াসকল, ডি ডি এম এৰ সদস্য আৰু জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:অসুস্থ পক্ষীক নতুন জীৱনদান কলিয়াবৰত

ABOUT THE AUTHOR

...view details