অসম

assam

আন্দোলনকাৰীক সকীয়নি দিয়া ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:45 PM IST

Akhil Gogoi: অসম বন্ধৰ আহ্বান কৰাসকলে 1643 কোটি টকা জৰিমনা ভৰিব লাগিব বুলি আৰক্ষী সঞ্চালক প্ৰধানে কোৱাৰ পিচতে জাঙুৰ খাই উঠিল অখিল গগৈ ৷ বিধায়কগৰাকীয়ে কয় যে ডিজিপিগৰাকীয়ে ব্লেক মেইলিং কৰিছে ৷ কোন ডিজিপি বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে ৷

Akhil Gogoi on GP Singh
ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী: সামাজিক মাধ্যম ‘X’ৰ জৰিয়তে অসমত কা বিৰোধী আন্দোলনকাৰীসকলক একপ্ৰকাৰে সকীয়নি দিলে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ উক্ত সকীয়নিৰ পিচতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল‌ গগৈয়ে ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ বাবে সাজু হোৱাৰ সময়তে ৰাজ্যত পুনৰ আন্দোলনৰ পৰিৱেশে গা কৰি উঠিছে ৷ সেয়েহে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বিশেষ সতৰ্কবাণী শুনাই সামাজিক মাধ্যমযোগে এক প্ৰকাৰে সকীয়নি প্ৰদান কৰিছে সম্ভাব্য আন্দোলনৰ আহ্বায়কসকলক ।

এই সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘‘কোন এই ডিজি‌পি ? ক’ৰ পৰা আহিছে এই ডিজিপি ? ‘কা’ বলবৎ নকৰাৰ বাবে ডিজিপিয়ে কেন্দ্ৰীয় চৰকাৰক জনাওক । ‘কা’খন বেয়া‌ বুলি ডিজিপিয়ে কেন্দ্ৰীয় চৰকাৰক জনাওক । তাৰ বিপৰীতে তেওঁ কাক সকীয়নি দিবলৈ আহিছে ?’’ উল্লেখ্য যে সামাজিক মাধ্যম যোগে জি পি সিঙে কয় যে অসম বন্ধৰ আহ্বান কৰিলে ভৰিব লাগিব ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ ।

বন্ধৰ আহ্বান দিয়াৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ প্ৰসংগৰে ২০২২ চনৰ ১৯ জুনত কৰা এটা টুইটৰ কথাও উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । টুইটাৰত জিপি সিঙে তেওঁ কয়- "WP(C) 7570/2013ৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ ১৯ মাৰ্চত দিয়া নিৰ্দেশ অনুসৰি বন্ধ আহ্বান আৰু বন্ধ আহ্বান কৰাসকলৰ দায়িত্ব আৰু জবাবদিহিতা সম্পৰ্কে ২০২২ চনৰ জুন মাহৰ মোৰ পোষ্টটোৰ পুনৰাবৃত্তি কৰিলোঁ ।"

ইয়াৰ প্ৰত্যুত্তৰত অখিল‌‌ গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কা নানিলেই‌ হ'ল । অসমৰ মানুহে তেতিয়া আন্দোলন নকৰে । এই আইন জাপি দি অসমীয়াক মাৰিবৰ কাৰণে চেষ্টা কৰিব ৷ অসমৰ‌ মানুহক ডিজিপিয়ে ব্লেক মেইলিং কৰিবলৈ আহিছে বুলি অভিযোগ কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক:অসম বন্ধ আহ্বান কৰিলেই ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ: সতৰ্কবাণী আৰক্ষী সঞ্চালক প্ৰধানৰ

ABOUT THE AUTHOR

...view details