অসম

assam

ঐতিহাসিক হাবুঙত মে-ডাম-মে-ফি প্ৰস্তুতি তুংগত

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 11:33 AM IST

Me Dam Me Phi preparation : ধেমাজিৰ ঐতিহাসিক হাবুঙত পাঁচদিনীয়াকৈ আয়োজন আহোমসকলৰ মে-ডাম-মে-ফি অনুষ্ঠান ৷ পৰ্যটক আৰু ভক্তক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজকসকলে । পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মে-ডাম-মে-ফিৰ অন্তিম দিনা উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Me-Dam-Me-Phi preparation in historic Habung
ঐতিহাসিক হাবুঙত মে-ডাম-মে-ফি প্ৰস্তুতি তুংগত

মে-ডাম-মে-ফি প্ৰস্তুতি তুংগত

ধেমাজি,২৫ জানুৱাৰী : সমাগত মে-ডাম-মে-ফি । মে-ডাম-মে-ফি উপলক্ষে সমগ্ৰ ৰাজ্যৰ আহোমসকলৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি । প্ৰস্তুতি তুংগত উঠিছে ঐতিহাসিক হাবুঙত । সদৌ তাই আহোম সন্থা ধেমাজি জিলা সমিতি, ধেমাজি ফুৰালং সংঘ আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত ধেমাজি জিলাৰ ঐতিহাসিক হাবুংক্ষেত্ৰত স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ সোঁৱৰণত অহা ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ আহোমসকলৰ মে-ডাম-মে-ফি আয়োজন কৰিছে ৷

সেই উদ্দেশ্য ইতিমধ্যে হাবুংক্ষেত্ৰত এক আড়ম্বৰপূৰ্ণভাৱে লাইখুঁটা পুতা অনুষ্ঠানো সম্পন্ন হয় ৷ এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে হাবুঙত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে অস্থায়ী মণ্ডপ, পৰম্পৰা অনুসৰি পূজা-অৰ্চনা কৰা বাবে খেৰ-বাঁহেৰে নিৰ্মিত বিশেষ গৃহ, বিভিন্ন বাণিজ্যিক আৰু গ্ৰন্থ বিপনীৰ কক্ষ যুদ্ধকালীনভাৱে নিৰ্মাণ কৰি থকা হৈছে ৷ ৰং, চুণ, তেল দি সজাই পৰাই তোলা হৈছে জিলাখনৰ অন্যতম পৰ্যটনৰ ঐতিহাসিক ক্ষেত্ৰখনক ৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনটোত অসমীয়া জাতিৰ জনক চাও লুং চুকাফাৰ লগতে উপৰিপুৰুষসকলক সোঁৱৰণ কৰি পৰম্পৰাগত খেল-ধেমালি, কুইজ প্ৰতিযোগিতা, সংস্কৃতিৰ অনুষ্ঠান, বাণিজ্য মেলা আৰু সাহিত্য আলোচনা আৰম্ভ হ'বলগীয়া বৰ্ণিল কাৰ্যসূচীৰ অন্তিম দিনা উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সেয়ে সকলো জাতি-জনগোষ্ঠীক ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷

উল্লেখ্য যে, মে-ডাম-মে-ফিৰ অৰ্থ হৈছে- 'মে' মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, 'ডাম'- মানে মৃতক আৰু 'ফি'- মানে হৈছে দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰি পুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে । মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় ।

লগতে পঢ়ক :পৰম্পৰাগত লোক নৃত্যৰ মাজেৰে সামৰণি পৰিল কোকৰাঝাৰত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ

ABOUT THE AUTHOR

...view details